বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত চূড়ান্ত ভোটাৰ তালিকা ১৭ জানুৱাৰীৰ পৰিৱৰ্তে ২৭ জানুৱাৰীত প্ৰকাশ পাব
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি বৰ্তমানে চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন পুনৰ নিৰ্ধাৰণ কৰি ২০২৩ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰিৱৰ্তে ২৭ জানুৱাৰী কৰা হৈছে৷ ERO-NET 2.0 ত দেখা দিয়া কাৰিকৰী সমস্যাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ চূড়ান্ত প্ৰকাশ ২৭ জানুৱাৰীত কৰা হ’ব বুলি ঘোষণা কৰিছে বুলি যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷