বিশুদ্ধ খোৱা পানীৰ নাটনি আৰু J.J.M ৰ ব্যৰ্থতা
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
পলাশবাৰী সমষ্টিৰ ৬২নং বেজৰটাৰী- পানীখাইতী গাঁও পঞ্চায়তৰ অন্তৰ্গত বনিয়াপাৰা অঞ্চলৰ প্রায়বোৰ ঠাইৰ পানী বিশুদ্ধ নহয় । অঞ্চলটোৰ পানী স্তৰ বহু তলত পোৱা যায় আৰু যি পানী পোৱা যায় সেয়া খোৱাৰ উপযোগী নহয় লগতে আইৰণ যুক্ত । এই অঞ্চলত কিছুমান পানী যোগান আঁচনিৰ ব্যৱস্থা আছে যদিও সেইবোৰ প্রায় অচল অৱস্থাত পৰিণত হৈছে । অঞ্চলটোত কোনো বিশেষ ধৰণৰ টিপকলৰো ব্যৱস্থা নাই । জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ মাধ্যমেৰে এতিয়াও অঞ্চলটোত সু-পৰিকল্পিতভাৱে বিশুদ্ধ খোৱা-পানীৰ ব্যৱস্থা হৈ উঠা নাই । যাৰ বাবে, অঞ্চলটোৰ মানুহে আইৰণযুক্ত পানীকে খাব লগা পৰিস্থিতি হৈ আছে । আইৰণ যুক্ত পানী খোৱাৰ ফলত বহুতৰে নানা ধৰণৰ বেমাৰৰ লক্ষ্যন দেখা দিছে। এই আইৰণ যুক্ত পানী খোৱাৰ পিছত বহুতে লিভাৰ, কিন্ডী, জন্ডিছ,ফেটী লিভাৰ, কিন্ডীস্টন, আদি সমস্যাৰ সন্মুখীন হব লগা হৈছে।সেয়েহে, চৰকাৰে এই অঞ্চলটোৰ ক্ষেত্রত শীঘ্রেই জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব লাগে ।