বিশিষ্ট সাহ্যিতিক ৰবীন্দ্ৰ বৰাৰ স্মৰণত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত শোকসভা

বিশিষ্ট সাহ্যিতিক ৰবীন্দ্ৰ বৰাৰ স্মৰণত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত শোকসভা

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট কবি, গল্পকাৰ, অসম তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰবীন্দ্ৰ বৰাৰ স্মৰণত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সভাকক্ষত এখন শোকসভা অনুষ্ঠিত হয়।অতিৰিক্ত সঞ্চালক দিনছেংফা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত সঞ্চালকগৰাকীয়ে ভাষণ প্ৰদান কৰি ৰবীন্দ্ৰ বৰাৰ দৰে সাহিত্যিকে এসময়ত তথ্য আৰু জনসংযোগ বিভাগত চাকৰি কৰা কথাটোত তেওঁক অতিশয় গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে সুদীৰ্ঘ ছটা দশক ধৰি সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ যি অৱদান আগবঢ়াই গ’ল, সেই সৃষ্টিয়ে সাহিত্য অনুৰাগীসকলৰ মাজত তেওঁক অমৰ কৰি ৰাখিব।সভাত সাহিত্যিকগৰাকীৰ বিশদ স্মৃতিচাৰণ কৰা আৰু সাহিত্যিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁ ইহ সংসাৰত এৰি থৈ যোৱা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।