বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ এইবৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ ঘোষণা কৰা হয়৷ সংবাদমেল যোগে এই কথা ঘোষণা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত এক সংবাদমেল আয়োজন কৰা হয় । সংবাদমেলত সচিব প্ৰমোদ কলিতাই উল্লেখ কৰে যে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে ৷ ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ উল্লেখ্য, ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই৷ সেয়ে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে –‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’৷ প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা৷