বিশিষ্ট সাহিত্যিক মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়াক “ডিব্ৰুগড় ৰত্ন” সন্মান প্ৰদান

বিশিষ্ট সাহিত্যিক মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়াক “ডিব্ৰুগড় ৰত্ন” সন্মান প্ৰদান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ২ অক্টোবৰত প্ৰথিতযশা সাহিত্যিক, মিতভাষ স্ৰষ্টা ড॰ নগেন শইকীয়াক ‘ডিব্ৰুগড় ৰত্ন’ উপাধিৰে সন্মানিত কৰে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উদ্‌যাপন সমিতি আৰু স্বেচ্চাসেৱী সংগঠন ‘প্ৰহৰী’য়ে৷ এই উপলক্ষে হোটেল লিটিল পেলেচত ড॰ কৰবী ডেকা হাজৰিকাৰ সভাপতিত্বত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগঠনটোৰ হৈ এই সন্মানটি প্ৰদান কৰে ইন্টাৰনেশ্যনেল ব্ৰাডাৰহুড মিছনৰ ডিব্ৰুগড় কাৰ্যালয়ৰ মুৰব্বী কৰুণা ভাণ্টেই৷ জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকৎ পাত্ৰৰ লগতে সংগঠনটোৰ বিষয়ববীয়া আৰু শতাধিক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা অনুষ্ঠানত এই সন্মান গ্ৰহণ কৰি সাহিত্যিক গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে-মানুহক ভাল পোৱাতকৈ ডাঙৰ প্ৰেম আৰু নাই৷ কোনো জাতৰ, কোনো ধৰ্ম, কোনো ভাষাৰ কথা নাই৷ মানৱ প্ৰেমেই ঈশ্বৰ প্ৰেম৷ আমাৰ চকুৰ আগত বেলেগ ঈশ্বৰ নাই৷ মানুহ অন্য জীৱতকৈ এটাই পাৰ্থক্য আছে যে চিন্তা কৰাৰ ক্ষমতা আৰু অন্তৰৰ পৰা অনুভৱ কৰাৰ ক্ষমতা৷ এই চিন্তা কৰাৰ ক্ষমতাই আমাক সমাজৰ বাবে, প্ৰকৃতিৰ বাবে কিবা ভাল কাম কৰিবলৈ প্ৰেৰণা যোগায়৷ আমি প্ৰত্যেকেই কিছুদিনৰ কাৰণেহে ইয়ালৈ আহিছোঁ৷ তাৰ পিছত আমি নিজৰ ভাও দি এদিন গুচি যাম৷ কাৰোবাৰ মৃত্যু হ’লে আমি শোক কৰোঁ, কিন্তু বিশ্ব ব্ৰহ্মাণ্ডত এনে কোনো জীৱ নাই যাৰ মৃত্যু নাই৷ মৃত্যুহীন কোনো বস্তুৱেই নাই৷ ভাৰতীয় দৰ্শনত শক্তি ব্ৰহ্মৰ কথা আছে৷ আমি চকুৰ আগত যি দেখিছোঁ ক্ষুদ্ৰ পৰুৱাটোৰ পৰা বৃহৎ আকাৰৰ হাতীটোলৈকে প্ৰতিটোৱেই শক্তিৰ সৃষ্টি৷ ইয়াত সৰু-বৰ কথা নাই৷ পৰ্বত, পাহাৰ সকলো শক্তিৰে সৃষ্টি৷ ইয়েই শক্তি ব্ৰহ্ম৷ মই যিমান কৰিব পাৰিম সেই শক্তিৰেহে কৰিব পাৰিম৷ বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ উদ্ধৃতিৰে তেওঁ আৰু কয় যে তেখেতৰ দৰে মই ধৰ্ম বিশ্বাস নকৰোঁ, কাৰণ বিশ্বত বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ বহু ধৰ্ম আছে৷ ঈশ্বৰ বিশ্বাসো নকৰোঁ কিন্তু এক যে পৰম শক্তি আছে সেই কথা বিশ্বাস কৰোঁ৷ কাৰণ ইয়েই ব্ৰহ্মতত্ত্ব৷ উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড॰ যোগেন শৰ্মাই ‘মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰুগড় অঞ্চলত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক বিষয়ত এক সাৰুৱা বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰে৷ ‘প্ৰহৰী’ৰ সম্পাদক দীপা গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ড॰ কৰবী ডেকা হাজৰিকাই৷ আনহাতে জিলা দিৱসৰ ইতিবৃত্ত চমুকৈ আলোকপাত কৰে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উদ্‌যাপন সমিতিৰ সভাপতি ডাঃ শান্তনু লহকৰে৷ ‘প্ৰহৰী’ৰ কাৰ্যকৰী সদস্য ড॰ মৃণাল কুমাৰ বৰুৱাই আঁতধৰা অনুষ্ঠানত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰে মঞ্জুৰি ফুকনে আৰু মাধৱদেৱ বিৰচিত এটি বৰগীতৰ আধাৰত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ড॰ নয়নমণি ফুকনে৷ আনহাতে উক্ত অনুষ্ঠানতে অভিনেত্ৰী ঝৰ্ণা শইকীৰ ৰচনা আৰু পৰিকল্পনাৰে প্ৰস্তুত কৰা এখনি ডিব্ৰুগড় সম্পৰ্কীয় তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়৷