বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সংবাদ জগতৰ মহীৰূহ তথা ট্ৰিবিউন প্ৰেছৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে অসমৰ সংবাদ জগতৰ মহীৰূহ বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত অসমৰ সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটিল । বৰুৱা ডাঙৰীয়াৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি । ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
