বিশিষ্ট সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি চন্দ্ৰ কুমাৰৰ মৃত্যু
পলাশবাৰীত শোকৰ ছাঁ
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা নিশা প্ৰায় ৯ বজাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি চন্দ্ৰ কুমাৰে (৭৬) পলাশবাৰী পাঁচ নম্বৰ ৱাৰ্ডৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত দুটা বছৰে বিভিন্ন ৰোগত আক্ৰান্ত হৈ তেখেত চিকিৎসাধীন অৱস্থাত আছিল ৷ অতি অমায়িক স্বভাৱৰ কুমাৰে জীৱনৰ আদিছোৱা সময় ব্যৱসায় আৰু কৃষি কৰ্মত নিয়োজিত আছিল যদিও পিছত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চাকৰি লাভ কৰিছিল ৷ সমান্তৰালভাৱে তেখেতে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জৰিত থাকি সেৱা আগবঢ়াইছিল । ইয়াৰ উপৰিও তেখেত গীতা শাস্ত্ৰৰ সুদক্ষ পাঠক হিচাপে অঞ্চলটোত পৰিচিত আছিল ৷ তেওঁৰ মৃত্যুত পলাশবাৰীৰ ৰাস মহোৎসৱ সমিতি, সংস্কৃতি বিকাশ ভৱন, দুৰ্গা পূজা সমিতি, সুঁৱৰি উৎসৱ, পলাশবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন, শ্যামৰায় নামঘৰ, ৰংগবেদী, আদিৰ লগতে বিভিন্নজন ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত কুমাৰে পত্নী অলকা কুমাৰীৰ লগতে দুই পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি- নাতিনী আৰু অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷