বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ কুমাৰ বৰদলৈৰ মৃত্যুত অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক

বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ কুমাৰ বৰদলৈৰ মৃত্যুত অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দুলীয়াজানৰ কঁঠালগুৰী অঞ্চলৰ শৈক্ষিক সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰি ধৰোঁতা, একালৰ বিহু সুৰক্ষা সমিতি, অসমৰ ২০১০ চনৰ ২৫ আৰু ২৬ ডিচেম্বৰত শিৱসাগৰ জিলাৰ চৰাইদেউৰ সোণাৰি ৰাজহুৱা ভৱনত অনুস্থিত হোৱা মুকলি সভাৰ সভাপতি মণ্ডলীৰ আসন শুৱনি কৰা, কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য, উপদেষ্টা, ডিব্ৰুগড় জিলাৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি,মইমত টাটিঙা বঁটাৰে বিভূষিত, বহু গুণৰ অধিকাৰী,পুৰোধা ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক, দুলীয়াজান অৰুণ কুমাৰ বৰদলৈদেৱৰ মৃত্যুত বিহু সুৰক্ষা সমিতি, অসমৰ হৈ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান পবিত্ৰ মহন ফুকন, সাংস্কৃতিক সম্পাদকদ্বয় প্ৰদীপ গগৈ, ৰোহিনী বৰগোহাঁই, কেন্দ্ৰীয় মহিলা মঞ্চৰ আহ্বায়িকা গিতুমনি গগৈ বৰুৱা, প্ৰচাৰ সম্পাদক কৃপাল ফুকনৰ সৈতে সাহিত্য, সংস্কৃতিৰ এক মননশীল সামাজিক মাধ্যমৰ গোট ‘বাৰ্তা’ৰ দুই শতাধিক গুণমুগ্ধ সংগ্ৰামী সতীৰ্থই বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।