বিশিষ্ট সংস্কৃত পণ্ডিত , তৰ্কতীৰ্থ গোবিন্দ দেৱ গোস্বামীৰ জন্ম শতবাৰ্ষিকী আৰু মোৰ অনুভৱ – ফখৰুদ্দিন আহমেদ

বিশিষ্ট সংস্কৃত পণ্ডিত , তৰ্কতীৰ্থ গোবিন্দ দেৱ গোস্বামীৰ জন্ম শতবাৰ্ষিকী আৰু মোৰ অনুভৱ

ফখৰুদ্দিন আহমেদ

অসম গ্ৰামীন বিকাশ বেংকৰ গৰুখুটী শাখাত শাখা পৰিচালক ৰূপে সফলতাৰে কাৰ্য সম্পন্ন কৰি থকাৰ সময়তে মুকুল গোস্বামী নামৰ ব্যক্তি গৰাকীৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল মোৰ স’তে ৷ এই গৰুখুটী সাম্প্ৰতিক সময়ত অসম চৰকাৰৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত ‘গৰুখুটী বহুমুখী কৃষি প্ৰকল্প’ৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষত পৰিচিত হৈ পৰিছে৷ প্ৰাচীন কালৰ পৰা গৰুখুটী দৈ আৰু মাছৰ বাবে ভোগৰ স্থান হিচাপে সমগ্ৰ অসমত বিখ্যাত আছিল৷ ব্যক্তি গৰাকী বেংকৰ দায়িত্ব পালন কৰি বহুল ব্যস্ততাৰ মাজত থকাৰ পিছতো তেখেতৰ আঁৰৰ মানুহজনৰ স’তে মই স্বাভাবিক ভাবে চিনাকী হৈ পৰিছলোঁ৷ তেখেত এগৰাকী তীক্ষ্ণ মেধাৰ গৰাকী হোৱাৰ উপৰিও সু অধ্যাৱসায়ী ব্যক্তি আছিল ৷ লগতে বেংকৰ কৰ্ম ব্স্ততাৰ মাজতো সময় উলিয়াই লেখা মেলাও কৰিছিল৷ মই তেখেতক ব্যক্তিগত ভাবে লগ পোৱাৰ দিনাৰ পৰা ‘চাৰ’ বুলি সম্বোধন কৰি আহিছিলোঁ৷ প্ৰায় দুই বছৰমানৰ পিছত তেখেত টিহুৰ নিত্যানন্দ নামৰ শাখালৈ বদলি হৈ যায়৷ কিন্তু তেখেতৰ লগত হোৱা মোৰ সম্পৰ্কৰ অলপমানো যতি নপৰিল৷ প্ৰায়ে মোবাইল ফোন যোগে খা-খবৰ আদান প্ৰদান কৰাৰ উপৰিও আৰু নিতৌ ৰাতিপুৱাৰ শুভেচ্ছাবাণী আমি আদান প্ৰদান কৰোঁ৷ চলিত বৰ্ষৰ যোৱা ২৯ জানুৱাৰীৰ দিনা ৰাতিপুৱা মোবাইলৰ হোৱাট্চআপ চাই দেখিলোঁ মুকুল গোস্বামী চাৰে মোক সুপ্ৰভাত জনোৱাৰ লগতে এখনি আমন্ত্ৰনী পত্ৰও প্ৰেৰণ কৰিছে৷ চিঠি খনৰ শিৰোনাম আছিল ‘ বিশিষ্ট সংস্কৃত পণ্ডিত গোবিন্দ দেৱ গোস্বামীৰ জন্ম শতবাৰ্ষিকী ‘৷ লগতে এখনি মানচিত্ৰ ৷তাত কোন পথেৰে কেনেকৈ গ’লে সভাস্থলী পোৱা যাব তাৰ সবিশেষ৷ সভাৰ চলিত বৰ্ষৰ ৩১ জানুৱাৰী তাৰিখ , বুধবাৰ৷
নিৰ্দিষ্ট তাৰিখৰ দিনা পৰিবাৰ মিনাৰা বেগমক লগত লৈ সভাস্থলীত ওলালোঁগৈ৷ সভাৰ স্থান আছিল বিশিষ্ট পণ্ডিত গৰাকীৰ নিজস্ব বাসভৱন কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ডিমু ডোবক চ’কৰ পৰা প্ৰায় দেৰ কিলোমিটাৰ দুৰৰ পালাৰা গাঁৱত৷ অৱশ্যে আমি সভাস্থলী পোৱাৰ ঠিক আগমুহূৰ্তত সভাৰ কাম আৰম্ভ হৈছিল৷ অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠিত বহু ব্যক্তি আমন্ত্ৰণ মৰ্মে আহি সভাত উপস্থিত হৈছিল৷
এগৰাকী স্বনামধন্য বিশিষ্ট পণ্ডিতৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ কথা আহিলে পোনতে মনলৈ আহে ব্যক্তি গৰাকীৰ অবৰ্তমানৰ প্ৰসংগ৷ মোৰো সেইটোৱেই হৈছিল ৷ পিছে সভাস্থলীত উপস্থিত হোৱাৰ পিছতে মোৰ সেই ভুল আঁতৰিল৷ সমগ্ৰ জীৱন শিক্ষকতাৰে নিজক মহীয়ান কৰা বিশিষ্ট পণ্ডিত গোবিন্দ দেৱ গোস্বামী অৰ্থাৎ মোৰ অন্তৰংগ বন্ধু মুকুল গেস্বামী চাৰৰ দেউতাক নিজৰ জন্মশতবাৰ্ষিকী পালনৰ দিনাও সুস্থ শৰীৰে পৰিয়ালবৰ্গ, শুভাকাংশী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মাজত জীয়াই আছে বহুতৰে অনুপ্ৰেৰনাৰ উৎস আৰু অনুসন্ধিৎসাৰ প্ৰতীক হৈ৷ সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শতায়ু গৰকা শ্ৰদ্ধাৰ গোবিন্দ দেৱ গোস্বামী চাৰক আমাৰ মাজত সুস্থতা সহকাৰে আৰু বহুদিন জীয়াই থাকক৷

সভাখন চলি থকাৰ মাজতে উপস্থিত হ’বলগা হোৱাৰ বাবে মই অপৰাধবোধত ভোগিছিলোঁ কিছু সময়ৰ বাবে৷ তাৰ মাজতেই আমাক দুয়োকে চাহ আৰু ঘৰতে বনোৱা পিঠাপনাৰে আপ্যায়িত কৰিছিল৷ উদ্যোক্তা পৰিয়ালৰ দ্বাৰা আমন্ত্ৰিত ব্যক্তি সকলক কৰা সম্বৰ্ধনা অনুষ্ঠানত এখনি ফুলাম গামোছাৰে মোকো সম্বৰ্ধনা জনাইছিল৷ সেই মুহূৰ্তত বিশিষ্ট পণ্ডিত গৰাকীৰ সমুখত মোক নিজকে পৰুৱাৰ দৰে অনুভৱ হৈছিল৷

বিশিষ্ট পণ্ডিত গৰাকীৰ নাতিনী, শিক্ষয়িত্ৰী অনিন্দিতা শৰ্মাই আঁত ধৰা সভাখনিত উপস্থিত থকা বৰেণ্য ব্যক্তি সকল আছিল ক্ৰমে বিশিষ্ট পণ্ডিত গৰাকীৰ জীৱনক লৈ প্ৰস্তুত কৰা “কৰ্মজ্যোতি” নামৰ গ্ৰন্থখনিৰ উন্মোচক ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰেক্টৰ তথা বিশিষ্ট পণ্ডিত গোবিন্দ দেৱ গোস্বামীৰ প্ৰাক্তন ছাত্ৰ ড: হৰিপ্ৰসাদ শৰ্মা, বিশিষ্ট অতিথি ৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক ড: হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট পণ্ডিত গৰাকীৰ প্ৰাক্তন ছাত্ৰদ্বয় ক্ৰমে হেমধৰ মেধি আৰু ৰমেশ চৌধুৰী ৷

সমগ্ৰ ডিমু তথা পালাৰা অঞ্চলত বৰ গোঁসাই বা ডাঙৰ গোঁসাই হিচাপে খ্যাত গোবিন্দ দেৱ গোস্বামী সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত শ্ৰদ্ধা আৰু গৌৰৱ প্ৰতীকলৈ ৰূপান্তৰিত হৈ জীৱন্ত কালতে কিম্বদন্তী হৈ পৰিছে৷ লোকে লোকাৰণ্য হৈ পৰা উক্ত সভাখনিত মোৰ ব্যক্তিগত অসুবিধাৰ বাবে শেষ সময়লৈ উপস্থিত থাকিব পৰা নাছিলোঁ ৷ সভাখনিত প্ৰায় দেৰ ঘন্টা সময় উপস্থিত থাকি তেখেতৰ বিষয়ে বহু অজানা কথা জানিব পাৰি নিজকে বিস্ময় মানিছিলোঁ৷ তেখেতৰ জীৱনৰ সোঁতৰ বছৰ বয়সতে পালাৰাৰ পৰা খোজ কাঢ়ি গৈ টিহুত সংস্কৃত বিষয়ত অধ্যয়ন কৰিছিল ৷ তাৰ পিছত বিংশ শতিকাৰ পঞ্চাশৰ দশকত কলকাতালৈ গৈছিল সংস্কৃতৰ তৰ্কতীৰ্থ বিষয়ৰ অধ্যয়নৰ বাবে৷ ঘৰুৱা আৰ্থিক দৈন্যতাই তেখেতৰ অধ্যয়নৰ পিপাসাৰ ওচৰত বাৰুকৈয়ে হাৰ মানিছিল৷ অধ্যয়ন সমাপ্ত কৰি ইচ্ছা কৰিলে এটি ভাল চাকৰিত মকৰল হৈ আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰিলেহেতেন৷ কিন্তু তাকে নকৰি শিক্ষকতাৰ বৃত্তিক আকোৱালি লৈ সমগ্ৰ অঞ্চলৰ শিক্ষা জগতলৈ অনবদ্য অৱদান আগবঢ়াই নিজকে ধন্য কৰিলে৷ প্ৰথমতে কামৰূপ জিলাৰ দুমুনিচকী হাই স্কুলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি পিছলৈ পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷ অতি গৌৰৱৰ বিষয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে তেখেতৰ জন্ম শতবাৰ্ষিকী পালনৰ ব্যবস্থা কৰিলে তেখেতৰ পৰিয়ালবৰ্গই৷ এয়া এগৰাকী সফল পিতৃৰ সফলতাৰ কাহিনী সমগ্ৰ অসমক জনোৱাৰ বাবে উপযুক্ত সন্তান সকলে হাতত লোৱা এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ৷ একে আষাৰে ক’ব পাৰি যে এই সভাখনি অনুষ্ঠিতকৰণৰ ক্ষেত্ৰত পৰিয়ালবৰ্গ এশ শতাংশৰ ওপৰত সফল হৈছিল৷

বিশিষ্ট সংস্কৃত পণ্ডিত গোবিন্দ দেৱগোস্বামীৰ জীৱনৰ সকলো দিশ সামৰি প্ৰকাশ কৰা “কৰ্মজ্যোতি” নামৰ গ্ৰন্থখনি এইক্ষেত্ৰত সোনত সুৱগা চৰোৱাৰ দৰে হৈছে৷ উক্ত গ্ৰন্থখনিত বিশিষ্ট পণ্ডিত গৰাকীৰ পৰিয়ালবৰ্গ , প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শুভাকাংশী সকলৰ প্ৰায় উনসত্তুৰটা লেখনী সন্নিবিষ্ট কৰা হৈছে৷ লগতে তেখেতৰ বংশবৃক্ষ, বিভিন্ন সংগঠনৰ পৰা প্ৰদান কৰা সম্বৰ্ধনা পত্ৰ আৰু বিভিন্ন ফটোও আছে৷

গ্ৰন্থখনিত বিশিষ্ট পণ্ডিত গৰাকীৰ বহুধা বিভক্ত গুণাৱলীৰ বৰ্ণনা লেখক সকলে অকৃপণতাৰে প্ৰকাশ কৰিছে৷ লেখনীবোৰৰ জৰিয়তে বিশিষ্ট সংস্কৃত পণ্ডিত গোবিন্দ দেৱ গোস্বামী যে একাধাৰে এগৰাকী সফল ছাত্ৰ, সফল শিক্ষক, সফল পিতৃ, সফল সমাজসেৱক আৰু বিৰল ব্যক্তিত্বৰ অধিকাৰী লোক সেয়া প্ৰকাশ হৈছে৷

জীৱন আৰু যৌৱনৰ শতবৰ্ষ পাৰ কৰিলেও প্ৰৱল মানসিক বলৰ অধিকাৰী গোবিন্দ দেৱ গোস্বামী সাম্প্ৰতিক সময়ৰ সমাজৰ বিৱৰ্তন আৰু উন্নয়নৰ মূল চালিকা শক্তি হিচাপে বিবেচিত হৈ আছে৷ সভাখনিত উপস্থিত গুণমুগ্ধ সকলৰ মুখত ফুটি উঠা প্ৰবল প্ৰশান্তিৰ অৱয়বে ইয়াকেই বাৰুকৈয়ে প্ৰমাণ কৰিছিল৷ পৰিশেষত পুণৰ বিশিষ্ট পণ্ডিত গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷