বিশিষ্ট শিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক দুঃসংবাদ। বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান । বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই ।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। কিছু দিন ধৰি শাৰীৰিক অসুস্থতাৰ পাছতে তেওঁক জি এম চি এইচত ভৰ্তি কৰা হৈছিল ।উল্লেখ্য যে, ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰিছিল চৈয়দ ছাদুল্লাই । অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আৰু দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্কভাৰী চেনেলত ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক আছিল। ১৯৭১ চনৰপৰা ১৯৭৫ চনলৈ ডিব্ৰুগড় ৰেডিঅ’ৰ ঘোষক, ১৯৭৫ চনৰপৰা ১৯৮৩ চনলৈ ষ্টাফ আৰ্টিষ্ট, ১৯৮৩ চনৰপৰা ১৯৮৫ চনলৈ মুম্বাই ৰেডিঅ’ৰ ষ্টাফ আৰ্টিষ্ট আৰু ১৯৮৫ চনৰপৰা ২০০৮ চনলৈকে ডিব্ৰুগড় ৰেডিঅ’ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ এ গ্ৰেড গীতিকাৰ, প্ৰখ্যাত সংগীত ব্যৱস্থাপক, গীটাৰিষ্ট আৰু নাট্যকাৰ আছিল । ইয়াৰোপৰি তেওঁ উষা মংগেশকাৰ, ড৹ ভূপেন হাজৰিকা, অনুপ জালোতা, পাৰবীন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছিল । তেওঁৰ মৃত্যুই ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে।
