বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ ড° লক্ষহীৰা দাসৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- হেৰাই গল এক অনন্য সুৰ।যশস্বী শিক্ষাবিদ, কবি, গীতিকাৰ ড৹ লক্ষহীৰা দাস আৰু নাই ৷ ৰাজ্যবাসীক শোকসাগৰত পেলাই শনিবাৰে পুৱতিনিশা অনন্তধামলৈ গতি কৰিলে সুকণ্ঠী গায়িকা, শিল্পী, শিক্ষাবিদ লক্ষহীৰা দাসে। গুৱাহাটীৰ নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকী বয়স হৈছিল ৯৪ বছৰ। অসমীয়া সংগীত জগতত এগৰাকী অম্লান সত্তা আছিল ড০ লক্ষহীৰা দাস। যুগজয়ী বহু অমৰ অসমীয়া গীতৰ স্ৰষ্টা ড০ দাস একাধাৰে শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা এগৰাকী অতি সাদৰী মহিলা পৰিচিত। অনাতাঁৰ শিল্পী হিচাপেও কেইবাটাও দশক তেওঁ সংগীত অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছিল। তেওঁৰ অনবদ্য অৱদানে সমৃদ্ধ কৰি গ’ল অসমীয়া সংগীত জগত। ইফালে ড০ দাসৰ দেহাৱসানত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।