বিশিষ্ট শিক্ষাবিদ,আগম মিগাং টাবুৰাম টাইদ শিক্ষা জ্যোতি আঁচনি

বিশিষ্ট শিক্ষাবিদ,আগম মিগাং টাবুৰাম টাইদ শিক্ষা জ্যোতি আঁচনি ;
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নামনি মাজুলী ৩২ নং ৰাদ্দাং ৰৃক্কং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১৫১জন  মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণঃ 
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত শণিবাৰে নামনি মাজুলীৰ ৩২ নং ৰাদ্দাং ৰৃক্কং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক , বিশিষ্ট শিক্ষাবিদ আগম মিগাং টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্য বিতৰণ কৰা হয়। এই উপলক্ষে নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘ প্ৰেক্ষাগৃহত এখন বিশাল আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত, টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ অধীনত নামনি মাজুলীৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ পৰা ২০২৩ আৰু ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৫১ জন মেধাৱী ছাত্ৰ ছাত্ৰীক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এককালীন আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে স্থানীয় নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনুৰূপ মিলিয়ে।  মাজুলী জিলা টি এম এম কে’ৰ সাধাৰণ সম্পাদক হেমন্ত মিলিয়ে আঁত ধৰা উক্ত আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানটো উদ্বোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩২ নং ৰাদ্দাং ৰৃক্কং পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য উমা পাঠৰীয়ে। কাৰ্যবাহী সদস্য পাঠৰীয়ে নিজৰ উদ্বোধনী ভাষণত টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ লক্ষ্য, উদ্দেশ্য ব্যাখ্যা কৰি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ উত্তৰণৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। তেওঁ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সামাজিক দায়িত্ববোধ, শৈক্ষিক উত্তৰণৰ বাবে লোৱা বিভিন্ন আঁচনি সমূহ ব্যাখ্যা কৰে। এই আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে । নিজৰ ভাষনত নাৰ্জাৰীয়ে  মিচিং স্বায়ত্ব শাসিত পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে লোৱা বিভিন্ন কৰ্মমুখী আঁচনি সমূহ সভাত ব্যাখ্যা কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে এম এম কে’ৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি প্ৰমধৰ দলে, টি এম এম কে’ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাম গোবিন দলে, চিমেন চাপৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হৰেণ চাৰহ , মাজুলী জিলা টি এম পি কে’ৰ ভাৰপ্ৰাপ্ত সভাপতি পবিত্ৰ পাতিৰ আৰু সম্পাদক মেদনী মোহন দলে, সাহিত্য সম্পাদক গৌতম পাঠৰী, টি এম এম কে’ৰ মাজুলী জিলা সমিতিৰ সভানেত্ৰী জোনমণি কুম্বাং, মাজুলী খণ্ড নাৰী শক্তিৰ উপ- সভানেত্ৰী জোনমণি মিলি, সম্পাদিকা মণিতা লাগাছু, মিচিং দৃৰবৃ কেবাঙৰ মাজুলী জিলা সমিতিৰ সম্পাদিকা ৰুবী কমান বৰা, মালাপিন্ধা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক বিনন্দ কমান, অৰুণোদয় হাইস্কুলৰ শিক্ষক ডিম্বেশ্বৰ দলে, স্থানীয় শিক্ষক ৰঘু‌ কমান, চুচেন কুম্বাং, সুনীল পেগু, সত্যজ্যোতি কুম্বাং, বলীন পেগু, এম এম কে’ৰ উপ – সভাপতি বিমান পেগু, পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনন্দ টায়ুং, সমাজকৰ্মী টয়দৰ টাইদ, সনাতন দলে আদিয়ে অংশগ্ৰহণ কৰে। এই এককালীন আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত ২০২৩ আৰু ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক পাঁচ হেজাৰ টকাকৈ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সাত হেজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱকৰ সকলেও নিজৰ অনুভৱ প্ৰকাশ কৰে।