বিশিষ্ট নাট পৰিচালক দুলাল ৰয়ক সন্মান জনোৱাত লুৰীণজ্যোতি গগৈৰ শুভেচ্ছা

বিশিষ্ট নাট পৰিচালক দুলাল ৰয়ক সন্মান জনোৱাত লুৰীণজ্যোতি গগৈৰ শুভেচ্ছা

ৰঙিলী বাৰ্ত্তাসেৱা- সংগীত নাটক একাডেমীৰ বিভিন্ন শিতানত বঁটাপ্ৰাপক প্ৰতিগৰাকী অসমীয়া শিল্পীক অভিনন্দন আৰু শুভেচ্ছা জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়লৈ ফেল’ সন্মান আগবঢ়োৱাত সুখ অনুভৱ কৰা বুলি মন্তব্য কৰি সভাপতিগৰাকীয়ে কয়— দুলাল ৰয়ে দীৰ্ঘসময়জুৰি অসমৰ নাট্যযাত্ৰাৰ প্ৰবহমান ধাৰাটোক বিশেষধৰণে উজ্জীৱিত কৰি ৰাখিছে৷ তেওঁলৈ আন্তৰিক অভিনন্দন আৰু প্ৰণাম জনাই সুস্বাস্থ্য-দীৰ্ঘজীৱন কামনা কৰিছোঁ৷