বিশিষ্ট জ্যোতিষী ‘বিকি দাস শাস্ত্ৰী’লৈ মেন অৱ দা ইয়েৰ প্ৰদান

বিশিষ্ট জ্যোতিষী ‘বিকি দাস শাস্ত্ৰী’লৈ মেন অৱ দা ইয়েৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে গুৱাহাটীস্থিত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত পঞ্চমবাৰ্ষিক আন্তৰ্জাতিক “বৈদিক এষ্ট্ৰোলজিকেল কনফাৰেঞ্চ 2025″শীৰ্ষক অলপতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়।বৈদিক এষ্ট্ৰোলজিকেল ৰিছাৰ্চ ছোচাইটী গুৱাহাটী আৰু “ইন্ডিয়ান ইনষ্টিটিউট অৱ অৰিয়েন্টেল হেৰিটেজ’ কলকতাৰ পৰিচালনাত হোৱা উক্ত কনফাৰেঞ্চত মংগলদৈৰ বিশিষ্ট তান্ত্ৰিক জ্যোতিষী ’বিকি দাস’ শাস্ত্ৰীলৈ এই বছৰৰ ’মেন অৱ দা ইয়েৰ’ বঁটা প্ৰদান কৰা হয়। উক্ত কনফাৰেঞ্চত ভাইচ চেঞ্চেলৰ ইন্ডিয়ান ইনষ্টিটিউট অৱ অৰিয়েন্টেল হেৰিটেজৰ কলকতাৰ অধ্যাপক ড° ৰামকৃষ্ণ শাস্ত্ৰী, অধ্যাপিকা ড° গোপা শাস্ত্ৰী, অধ্যাপক ড° অমল কৃষ্ণ শাস্ত্ৰী তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ গৱেষণালব্ধ স্বনামধন্য পণ্ডিতসকল উপস্থিত থাকে।