বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ

Pc The Janambhumi

বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ। বিগত কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল চিত্রশিল্পী নীলপৱন বৰুৱা।স্বাস্থ্যৰ অৱনতি ঘটাত শিল্পীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ এতিয়া আই.চি.ইউত চিকিৎসকৰ নিৰীক্ষণত আছে । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে । বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলাই থকা হৈছে ।