বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই। GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ বৰেণ্য চিত্ৰশিল্পীগৰাকীয়ে।২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত বৰুৱাৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল।  কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস লৈ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৷আৰু অৱশেষত আজি বিয়লি ৩.১৫ বজাত চিত্ৰশিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।