বিশিষ্ট চিকিৎসক ডাঃ জি বায়নৰ পুত্ৰ বেংক বিষয়া প্ৰাঞ্জল বায়নৰ প্ৰয়াণ 

বিশিষ্ট চিকিৎসক ডাঃ জি বায়নৰ পুত্ৰ বেংক বিষয়া প্ৰাঞ্জল বায়নৰ প্ৰয়াণ 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ গিৰিধাৰি বায়ন আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ অমল ৰাণী বায়নৰ দ্বিতীয় পুত্ৰ বেংক বিষয়া প্ৰাঞ্জল বায়নৰ (ৰিংকু) যোৱা ২৫ জানুৱাৰী তাৰিখে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৪৭ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। ১৯৭৭ চনৰ ১৫ জুন তাৰিখে ডিব্ৰুগড়ৰ জ্যোতি নগৰত জন্ম গ্ৰহণ কৰা প্ৰাঞ্জল বায়ন সৰুৰে পৰা পঢ়া শুনাত অতি মেধাবী আছিল। ২০০৬ চনত আই ডি বি আই (ইণ্ডাষ্ট্ৰিয়েল ডেভল’পমেণ্ট বেংক অব ইণ্ডিয়া) বেংকত চাকৰিত যোগদান কৰি ডিব্ৰুগড়, গুৱাহাটী, আচানচল, শিলচৰ, কলকাতা আদিত নিষ্ঠা আৰু সততাৰে কাৰ্য্যনিৰ্বাহ কৰি শেষত যোৱা ২০২৪  চনৰ জুন মাহত দিল্লীত আই ডি বি আই বেংকত মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকে। কালি তেওঁৰ মৃতদেহ ডিব্ৰুগড়লৈ বিমানেৰে লৈ আহে।  এগৰাকী অতি অমায়িক আৰু নিৰহংকাৰী ব্যক্তি ৰূপে সকলোৰে মাজত পৰিচিত প্ৰাঞ্জল বায়নে মৃত্যুৰ সময়ত পিতৃ শিশুৰোগ বিশেষজ্ঞ ডাঃ জি বায়ন, মাতৃ ডাঃ অমল ৰাণী বায়ন, পত্নী দুলাৰী বায়ন, এগৰাকী ১৩  বছৰীয়া কন্যা অপ্সৰা বায়ন,  ককায়েক ডা০ পংকজ বায়ন, এগৰাকী ভনীয়েক আৰু বৌয়েক ডাঃ বৰ্ণালী বায়নৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি (২৮-১-২৫) অনেক গুণমুগ্ধৰ উপস্থিতিত স্থানীয় চৌকিডিঙ্গী  শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয়।