বিশিষ্ট কৃষি বিজ্ঞানী ড০ মুখতাৰ হুছেইন হাজৰিকাৰ পত্নী নাজমা আহমেদ হাজৰিকাৰ পৰলোক

বিশিষ্ট কৃষি বিজ্ঞানী ড০ মুখতাৰ হুছেইন হাজৰিকাৰ পত্নী নাজমা আহমেদ হাজৰিকাৰ পৰলোক: ডিব্ৰুগড়ত শোকৰ ছাঁ 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্রুগড় পাঁচআলি নিবাসী প্ৰখ্যাত চাহ উদ্যোগপতি প্ৰয়াত জালালুদ্দিন আহমেদৰ জীয়ৰী নাজমা আহমেদ হাজৰিকাৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।  বৰ্তমান গুৱাহাটীৰ  ফখৰুদ্দিন আলি আহমেদ পথত বসবাস কৰা নাজমা হাজৰিকাৰ স্বামী অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড° মুখতাৰ হুছেইন হাজৰিকা। মৃত্যুৰ সময়ত নাজমা আহমেদ হাজৰিকাৰ বয়স আছিল ৭৭ বছৰ। তেওঁৰ জানাজা  গুৱাহাটীৰ ছয়মাইল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।মৃত্যুৰ সময়ত  তেওঁৰ স্বামীসহ তিনিজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনী সহ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। অতি সহজ-সৰল ধৰ্মপ্ৰাণা ডিব্ৰুগড়ৰ জীয়ৰী নাজমা আহমেদ হাজৰিকাৰ মৃত্যুত ডিব্ৰুগড়তো শোকৰ ছাঁ পৰে।