বিশিষ্ট কবি-সাহিত্যিক অৰূপজ্যোতি হাজৰিকালৈ “ত্ৰিহৃদয় বঁটা”

বিশিষ্ট কবি-সাহিত্যিক অৰূপজ্যোতি হাজৰিকালৈ “ত্ৰিহৃদয় বঁটা”
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ অগ্ৰণী কলা , সাহিত্য আৰু সংস্কৃতিৰ অনুষ্ঠান ত্ৰিহৃদয় গোষ্ঠীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “ত্ৰিহৃদয় বঁটা” প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত সময়ত কলা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা অসমৰ কেইবাজনো বিশেষ ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে।  চলিত বৰ্ষৰ “ত্ৰিহৃদয় বঁটা”ৰ বাবে মনোনীত কৰিছে অসমৰ এগৰাকী বিশিষ্ট কবি-সাহিত্যিক অৰূপজ্যোতি হাজৰিকালৈ। যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক পৰ্বতীয়া গাঁৱৰ নিবাসী বোধেশ্বৰ হাজৰিকাৰ সুযোগ্য সন্তান অৰূপজ্যোতি হাজৰিকা ইতিপূৰ্বে অসমৰ কেইবাটাও সৰু-বৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰা অৰ্ধশতাধিক স্বীকৃতি আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ তেওঁৰ ছখন কবিতা পুথি, তিনিখন প্ৰৱন্ধ সংকলন, ছখন শিশু গ্ৰন্থ প্ৰকাশ পোৱাৰ সমান্তৰালভাৱে এখন আলোচনী আৰু দুখন গ্ৰন্থৰ সম্পাদনা কৰিছে। যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ কোষাগাৰ বিভাগত কৰ্মৰত হাজৰিকা কেইবাটাও অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এনে এজন স্বনামধন্য ব্যক্তিক এই বঁটা প্ৰদান কৰিবলৈ পাই উদ্যোক্তাসকল উৎফুল্লিত হৈ উঠিছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অৰূপজ্যোতি হাজৰিকাক এই বঁটা প্ৰদান কৰা হ’ব বুলি ত্ৰিহৃদয় গোষ্ঠীৰ সভাপতি পাপু বৰা আৰু সম্পাদক শ্যামন্ত পায়েংএ এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। উল্লেখ্য যে, ত্ৰিহৃদয় বঁটাত আছে নগদ ধন, সম্বৰ্ধনা পত্ৰ, স্মাৰক, সৰুদয়া জাঁপি, চেলেং, অংগবস্ত্ৰ, মিচিং জনজাতিৰ এৰকক, এযোৰা তামোল পান, গ্ৰন্থৰ টোপোলা ইত্যাদি। বঁটা প্ৰদান অনুষ্ঠানটিত কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব বুলি আমাক জানিবলৈ দিয়ে।