বিশিষ্ট কবি, সাহিত্যিক অনুভৱ তুলসীৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ
অসমীয়া ভাষাৰ সৌন্দৰ্যক উপলব্ধি কৰিব পাৰি অনুভৱ তুলসীৰ কবিতাতঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰসিদ্ধ কবি, সাহিত্যিক অনুভৱ তুলসীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। কবিগৰাকীৰ বিয়োগত ব্যথিত হোৱা বুলি উল্লেখ কৰি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অনুভৱ তুলসীৰ বিয়োগত অসমীয়া সাহিত্যই এটি যুগমীয়া সম্পদ হেৰুৱালে। এইগৰাকী বৰেণ্য সাহিত্যিকৰ বিয়োগ অসমীয়া ভাষা-সাহিত্যৰ লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি।’’সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘স্কুলীয়া দিনৰ পৰাই কবি অনুভৱ তুলসীৰ কবিতা পঢ়ি আহিছোঁ। অসমীয়া ভাষাৰ চিৰকালীন সৌন্দৰ্যক উপলব্ধি কৰিব পাৰি অনুভৱ তুলসীৰ কবিতাত। অসমীয়া কবিতাক বিশ্বজনীনতা প্ৰদানৰ ক্ষেত্ৰত কবিগৰাকীয়ে সযত্ন প্ৰয়াস কৰিছিল। তুলসীৰ হাতত কবিতা হৈ উঠিছিল শিল্পমণ্ডিত। অনুভৱ তুলসীৰ ডাঙৰীয়াৰ কবিতাত অসমীয়া ভাষাৰ কালিকাই পাইছিল বিশেষ মান্যতা। অনুবাদৰ ক্ষেত্ৰখনকো চহকী কৰি গৈছে অনুভৱ তুলসীয়ে।’’এগৰাকী অধ্যাপক হিচাপেও অনুভৱ তুলসীয়ে বৌদ্ধিকভাৱে কেইবাটাও প্ৰজন্মক সমৃদ্ধ কৰা বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে। তেওঁ কয়, ‘‘কবি অনুভৱ তুলসীৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিম। এগৰাকী প্ৰিয় কবিক হেৰুৱাই আজি মৰ্মাহত হৈছোঁ।’’ গগৈ আৰু ভূঞাই কয়, ‘‘সদ্যপ্ৰয়াত অনুভৱ তুলসীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ। সৃষ্টিৰ মাজত, কবিতাৰ মাজত কবিগৰাকী চিৰউদ্ভাসিত হৈ ৰ’ব!’’