বিশিষ্ট কবি অনুভৱ তুলসীৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট কবি অনুভৱ তুলসী আৰু নাই । মঙলবাৰে পুৱা ১০:০৫ বজাত গুৱাহাটী মহানগৰীৰ এখন ব্য়ক্তিগত চিকিৎসালয়ত জনপ্ৰিয় কবিগৰাকীয়ে ৬৭ বছৰত শেষনিশ্বাস ত্য়াগ কৰে । জনপ্ৰিয় কবিগৰাকী যোৱা শনিবাৰে ষ্ট্ৰ’কত আক্ৰান্ত হৈ জিএনআৰচি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল কবিগৰাকী। একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ হিচাপে অনুভৱ তুলসীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সমৃদ্ধ কৰি গৈছে। বিশেষকৈ বিংশ শতিকাৰ শেষৰফাল পৰা তেওঁ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অনবদ্য অৱদান আগবঢ়াই আহিছিল। নিজৰ সুকীয়া লিখনশৈলীয়ে পাঠকৰ মনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল অনুভৱ তুলসীয়ে। ১৯৫৮ চনৰ ৩ ডিচেম্বৰত নগাঁও জিলাৰ তুলসীমুখত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ আছিল লাবণ্য শইকীয়া । তুলসীমুখত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত ১৯৭৯ চনত নগাঁও কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে । ইয়াৰ পিছতেই ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে । ১৯৮৩ চনত শুৱালকুছিৰ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে কর্মজীৱনৰ আৰম্ভণি ঘটাই ২০১৮ ত উক্ত মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে । বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ বিশেষ অৱদান আগবঢ়াই আহিছে ।তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’। ইয়াৰ পিছত তেওঁৰ কলমৰ পৰা অসমীয়া সাহিত্যই লাভ কৰে ২০খন কবিতাপুথি। তেওঁৰ কবিতাপুথিসমূহ হৈছে নাজমা, দোৰোণ ফুল, জলমগ্ন দৃশ্যাৱলী, কাব্যপীঠ, নিৰ্জ্ঞান নেপথ্য, চৰাইৰ চকুত ফুলৰ বিচনা, পানীকাউৰী, জয় জয়তীৰ জয়, জুইচোৰ, জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য , দেওচেলেং , ডেম’ক্রেচি অৱ আমব্রেলাজ , ঢেঁকীয়াপতীয়াৰ পিতৃ, মাইহাং বাটিৰ চাঁদ, বৰষুণৰ খেতিয়ক , মাটিভাষা, অনুভৱ তুলসীৰ শ্রেষ্ঠ কবিতা , দিন ৰাতিৰ দুৱৰী, ডিৱর্ড আৰু বানান কৰি পঢ়া লুইতৰ পানী । আনহাতে অনূদিত গ্রন্থকেইখন হৈছে আনা আখমাত ভাৰ কবিতা , বেলিসূতা সোণপৰুৱা, সম্পর্ক , পুৰাতন এই বীণখনি , নজনা জুনুকা আৰু নৰা তগৰৰ গন্ধ। তদুপৰি ইলোবাৰ ইন্দ্ৰসভা, অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা, সৃষ্টিসুষমাৰ লগতে ভ্রমণলেখাসমূহ হৈছে পানীত মৌ মিহলাই লেখা নাম আৰু বাইজেনটিয়াম। চিনেমা সমালোচনামূলক গ্ৰন্থ কেইখন হৈছে ঘোঁৰাচৱাৰী আৰু সূর্যৰ স্মৃতি। গল্পপুথি কেইখন হৈছে গোলাপ গছত থৈ যাবি। তদুপৰি সম্পাদনা কৰা গ্ৰন্থসমূহ হৈছে অমূল্য বৰুৱাৰ কবিতা, তৰুণ প্রজন্মৰ কবিতা (সম্পাদনা সহযোগী, ২০০৫), কবিৰ বচন আৰু তুলাৰ দলং তেজাৰ সাঁকো। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অনুভৱ তুলসী বহু বঁটা তথা সন্মানেৰে সন্মানিত হৈছে। তেওঁ ১৯৯৭ চনত দোৰোণফুল’ৰ বাবে মুনীন বৰকটকী বঁটা, ২০০২ চনত কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ লাভ কৰিছিল । তদুপৰি ২০১৫ চনত অন্তর্লিপি সাহিত্য বঁটা, ২০১৭ চনত সাহিত্যজ্যোতি বঁটা, ২০১৭ চনত অসম সাহিত্য সভাৰ শতবর্ষীয় সাহিত্য সম্মান, ২০১৯ চনত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য সন্মান আৰু ২০১৯ চনত জমিৰুদ্দিন সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয় । তুৰস্কৰ ইস্তানবুল, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল । জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে ।