বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ সুৰেশ হাতিমুৰীয়াৰ দুটা গান উন্মোচন আকাশবাণীৰ সঞ্চালক লোহিত ডেকাৰ

বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ সুৰেশ হাতিমুৰীয়াৰ দুটা গান উন্মোচন আকাশবাণীৰ সঞ্চালক লোহিত ডেকাৰ

এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ সুৰেশ হাতিমুৰীয়াৰ দুটা গান উন্মোচন কৰে আকাশবাণী ডিব্ৰুগড় তথা দূৰদৰ্শনৰ কেন্দ্ৰৰ সঞ্চালক লোহিত ডেকাই। ডিব্ৰুগড়ৰ চৌকিদিঙিত থকা ৰামকৃষ্ণ সেৱাগ্ৰামৰ সভাকক্ষত অনুষ্ঠিত এক  আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, লেখক তথা আকাশবাণী দূৰদৰ্শনৰ সঞ্চালক লোহিত ডেকাই সুৰেশ হাতিমুৰীয়াৰ কণ্ঠৰ গীত দুটি উন্মোচন কৰি ডেকাই কয় যে আশীৰ দশকত হাতিমুৰীয়াৰ যি কণ্ঠ আছিল আজি সত্তৰ বছৰ বয়সতো সেই একেই কণ্ঠ, একেই সুৰ আছে। পূৰ্বতে আধুনিক গীতত পশ্চিমীয়া গীতৰ যি প্ৰভাৱ আছিল, সেই ধাৰা বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সেই তাহানিৰ আধুনিক গীতৰ ধাৰা সম্পূৰ্ণ সলনি কৰিছে। আগতে ডিব্ৰুগড়ত ৰাজেন গোহাঁই, হীৰেন গোহাঁই, সুৰেশ হাতিমুৰিয়াই যিবোৰ সংগীতৰ সৃষ্টি কৰিছিল আজি যেন যুৱ সমাজৰ মাজত সেইবোৰ হেৰাই যাব ধৰিছে। বৰ্তমান সংগীতকাৰ নোহোৱাৰ দৰে হৈছে। ডেকাই আক্ষেপ কৰি কয় যে সম্প্ৰতি মহিলাতকৈ পুৰুষৰ শিল্পী কণ্ঠ নোহোৱাৰ দৰে নোহোৱাৰ দৰে হৈছে।  বিশিষ্ট গীতিকাৰ হেম বুঢ়াগোঁহাই আৰু গীতিকাৰ, সুৰকাৰ হীৰেন গোঁহাইয়ে লিখা আৰু সুৰেশ হাতিমুৰিয়াই কণ্ঠদান কৰা গীতদুটি সম্পৰ্কত গীতিকাৰ প্ৰশান্ত বৰদলৈয়ে কয় যে প্ৰথমাৱস্থাত গান ৰেকৰ্ডিং কৰিবলৈ কলিকতা, মুম্বাইলৈ যাব লগা হৈছিল, কিন্তু বৰ্তমান সেই দিন  আৰু নাই। এতিয়া ৰেডিঅৰ লগে লগে প্ৰায় ঘৰে ঘৰে ষ্টুডিঅ হৈছে। গানবোৰ এতিয়া ঘৰতে ৰেকৰ্ডিং কৰিব পৰা হৈছে।আমাৰ ভিতৰত বহু সুকণ্ঠৰ গায়ক গায়িকা আছে,সেই সকলক আমি আগুৱাই আনিব লাগিব। গীতিকাৰ সত্যোন  শৰ্মাই কয় যে পূৰ্বতকৈ আকাশবাণীৰ উন্নতি হৈছে আৰু এতিয়া গান ৰেকৰ্ডিংৰ সকলো সুবিধা আছে। অনুষ্ঠানত অংগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, লেখিকা ড০ ভাৰতী দত্তই কয় যে এটা গান লিখিবলৈ বহুত সাধনা লাগে। নতুন প্ৰজন্মই কিছুমান গীত ৰচনা কৰে, সেইবোৰৰ বেছিভাগেই তৰল , পুৰণা গীতিকাৰ সকলে সেইবোৰ গীত নিলিখে আৰু তেনেকুৱা গীত নিলিখিবলৈ তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়। গীতিকাৰ,সুৰকাৰ, কণ্ঠশিল্পী ৰাজেন গোহাঁইয়ে তেঁওৰ ভাষণত পূৰ্বৰ স্মৃতি সুঁৱৰি কিছুমান ৰসাল কথাৰে সকলোকে আকৃষ্ট কৰে।কণ্ঠশিল্পী তথা আকাশবাণীৰ অৱসৰ প্ৰাপ্ত বিষয়া সুৰেশ হাতীমুৰীয়াই দুয়োটা গীত নিজে কণ্ঠদান কৰা সম্পৰ্কত তেওঁ গীত দুটা ৰচনা কৰা হেম বুঢ়াগোহাঁই আৰু হীৰেন গোহাঁইক ধন্যবাদ জ্ঞাপন কৰে লগতে বাদ্য যন্ত্ৰত সহযোগ কৰা বিনন্দ কাকতি, দেৱজিৎ গগৈ, বকুল দাস, পলাশ কাঞ্চন, জগৎ গগৈ আৰু দেৱজিৎ গগৈক আন্তৰিক ধন্যবাদ জনায়। আজিৰ অনুষ্ঠানত আকাশবাণীৰ কেইবাগৰাকী কণ্ঠশিল্পী আৰু গীতিকাৰ উপস্থিত থকাৰ লগতে আন আন বিশিষ্ট অতিথি উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰা আৰু শলাগৰ শৰাই আগবঢ়ায় কন্ঠশিল্পী অনুপম দত্তই।