বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক বৃহৎ ক্ষতি। বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। শ্বিলঙৰ বেথানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। ৯৩ বছৰ বয়সত বিয়োগ জ্ঞানদা কাকতিৰ।বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ মৃত্যু বৰণ কৰে অভিনেত্ৰীগৰাকীয়ে । ১৯৩২ চনত অসমৰ শ্বিলঙত জন্ম লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। অভিনেত্ৰীগৰাকীৰ  পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত আছিল। আৰু তেওঁলোকে স্থায়ীভাৱে শ্বিলঙতে বসবাস কৰিছিল।লোহিত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জ্ঞানদা কাকতি। সৰুৰে পৰা নৃত্য, গীত আৰু অভিনয় কৰি ভালপোৱা জ্ঞানদা কাকতিয়ে মাতৃৰ পৰা সংগীত আৰু দেউতাকৰ পৰা লাভ কৰিছিল অভিনয়ৰ আদিপাঠ । শৈশৱতে লাভ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য । সৰুতে ‘‘সতী বেউলা’’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁক নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল ৷  প্ৰথমবাৰৰ বাবে ১৯৪৮ চনত প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ ছবিখনত অভিনয় কৰি অসমীয়া ছবিজগতত খোজ পেলাইছিল । প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তমখন অসমীয়া ছবি আছিল ‘পাৰঘাট’ ।‘পূবেৰুণ’ কথাছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী।

১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল পূবেৰুণ ছবিখন।পাৰঘাট’ৰ পাছত জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে – ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পূৱতি নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’ ৷ অসমীয়া ছবিজগতৰ লগতে বাংলা ছবিজগততো নিজৰ নিভাঁজ অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকী । তেওঁ অভিনয় কৰা বাংলা ছবিকেইখন হৈছে– ‘নীলাচলে মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ আদি ৷ ।জ্ঞানদা কাকতিক ‘বন্দিনী’ নামৰ এখন হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল । ১৯৮৭ চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে । কেৱল এয়াই নহয় জ্ঞানদা কাকতি আকাশবাণী ৰেডিঅ’ গুৱাহাটী-শ্বিলঙৰ প্ৰথমগৰাকী ঘোষিকা আছিল । অনাতাঁৰ কেন্দ্ৰৰ গায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুটামান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল ৷ বহুকেইখন নাটকৰ আৱহ সংগীতত কণ্ঠদান কৰিছিল তেওঁ । ২০০২ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে।নানা কৃতিত্বৰে ভৰপূৰ অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া ম্ৰিয়মান ৰাজ্যৰ সাংস্কৃতিক মহল । অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।এক শোকবাৰ্তাযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “জ্ঞানদা কাকতি বাইদেউ আৰু নাই ! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ । অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি বাইদেউ প্ৰাতঃস্মৰণীয় । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘পূবেৰুণ’ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল । বাইদেউৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ ।”