বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫

বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰে ৰাজ্যৰ একোগৰাকী বিশিষ্ট সাংস্কৃতিক ব্যক্তিক ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে। প্রতিবছৰে প্ৰদান কৰি অহা ভবেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ’ব বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক। যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ১ ছেপ্টেম্বৰৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ৩ ছেপ্টেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক এই বঁটা প্ৰদান কৰা হ’ব ৷

বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে। এই সংবাদমেলত পৰিষদৰ জিলা সমিতিৰ সভাপতি আচিক আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল দাস, শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকা, সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতীম শৰ্মা, নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি তথা সাংবাদিক এম মহিবৰ ৰহমান, কাৰ্যকৰী সভাপতি বিশ্বজিৎ বৰুৱা, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা উপস্থিত থাকি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ।