বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ

Pc Wikipedia

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ হৈ চিকিৎসাধীন হৈ আছে৷ নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি হোৱাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয়। খবৰ অনুসৰি, বিশিষ্ট অভিনেতাজনে শ্বাস প্ৰশ্বাসৰ অসুবিধাত ভোগাত তেওঁক তৎকালীনভাৱে নেমকেয়াৰ হস্পিতাললৈ চিকিৎসাৰ বাবে লৈ অহা হয়। বৰ্তমান নিপন গোস্বামী গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ হৃদ ৰোগ বিভাগৰ আইচিইউত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে। অসমীয়া ছবি জগতৰ জ্যেষ্ঠ শিল্পীজনৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি চিকিৎসালয় কতৃৰ্পক্ষই সদৰী কৰিছে৷ অভিনেতাজনক বিশেষজ্ঞ চিকিৎসকৰ এটা দলে নিৰীক্ষণত ৰাখিছে৷ আনহাতে, এন আই ভিত ৰখা অভিনেতাজনক অন্য লোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই৷