বিশাল সমদলেৰে মনোনয়ন দাখিল পীযূষৰ হাজৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ঢোলে-দগৰে সহস্রাধিক সমর্থকক লৈ জাগীৰোড সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্রার্থী পীযূষ হাজৰিকাই মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন-পত্র দাখিল পূৰ্বে জাগীৰোডৰ পৱিত্ৰ ঐতিহাসিক দেওশাল মন্দিৰত পত্নী আইমী বৰুৱা আৰু সন্তানসহ সেৱা জনাই মনোনয়ন দাখিল যাত্রা আৰম্ভ কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। ৰিটার্নিং বিষয়া হৃদয় কুমাৰ দাসে মন্ত্ৰী পীযূষ হাজৰিকাৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰে। তৃতীয়বাৰৰ বাবে সমষ্টিটোৰ পৰা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা মন্ত্ৰী পীযূষ হাজৰিকাৰ সমৰ্থকে আকাশত আকর্ষণীয় ড্রোনসজ্জাৰে অভিনন্দন আৰু আশীর্বাদ জনায়। দলীয় নেতা-কর্মী-অনুগামীসহ প্রায় ৪০ হাজাৰ লোকে মন্ত্রী হাজৰিকাক যাত্ৰাত সহযোগ কৰে। মনোনয়ন দাখিলৰ অন্তত জাগীৰোডবাসীক বিনয়েৰে প্ৰাৰ্থনা জনাই তেওঁ কয় যে মন্ত্ৰিত্বৰ কালছোৱাত মৰিগাঁৱকে ধৰি বান-গৰাখহনীয়া পীড়িত জিলাখনৰ কেইবাটাও সমস্যা সমাধান কৰা হৈছে।

জনকল্যাণকামী পদক্ষেপেৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুখীয়া মানুহক উপকৃত কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে এপইচাও খৰচ নকৰাকৈ ডেৰ লাখ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰা কার্যই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বচ্ছতা আৰু নিকা চৰিত্ৰ প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত পুনৰ অসমত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত। ৰাইজেও নিশ্চয়কৈ আশীর্বাদ এইবাৰ প্ৰদান কৰিব। আনহাতে বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে বর্তমান কংগ্ৰেছ দল বিধ্বস্ত হৈ পৰিছে। যোৱা দুমাহ ধৰি গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত চলা বাকযুদ্ধই ৰাইজক আমুৱাইছে। দুয়োৰে মাজত মিত্ৰতা দূৰৰে কথা, গালি-গালাজ কৰাৰ যেন প্রতিযোগিতাহে চলিছে। ইপিনে মৰিগাঁও সমষ্টিৰ বাবে পুনৰ মনোনয়ন-পত্র দাখিল কৰিলে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ৰিটার্নিং বিষয়া অনুসূয়া শর্মাই বিধায়ক ৰমাকান্ত দেউৰীৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰে। মৰিগাঁও মহাবিদ্যালয় খেলপথাৰৰ পৰা প্ৰায় ৩০ হাজাৰ সমৰ্থকসহ বিধায়ক ৰমাকান্ত দেউৰীয়ে পদব্রজে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। পূৰ্বৰ দুবাৰৰ দৰে এইবাৰো ৰাইজৰ আশীৰ্বাদ পাব বুলি দৃঢ় বিশ্বাসী বিধায়ক দেউৰীয়ে বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে পূর্বতকৈ অধিক ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি আশা ব্যক্ত কৰে।
