বিশাল ফুকনক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহাঠগ বিশাল ফুকনক বুধবাৰে হাজিৰ কৰোৱা হয় ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আদালতত হাজিৰৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে ৩ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আদালতক জনাইছিল আৱেদন।আৰক্ষীৰ আবেদনক মঞ্জুৰ কৰি বিশালক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত লৈ অধিক তথ্য বিশালৰ পৰা সংগ্ৰহ কৰাৰ চেষ্টা কৰিব । কিয়নো এইগৰাকী বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল । আনহাতে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিছে যদিও ডিব্ৰুগড় এৰি অন্য ঠাইলৈ নাযাবলৈ নিৰ্দেশ দিছে । বিশাল ফুকনৰ সকলো বেংক একাউন্ট ছীল কৰি দিছে আৰক্ষীয়ে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতিটো বেংক একাউণ্টত কিমান ধন আছে, সেই ধন ক’ৰ পৰা সোমাইছিল সকলো পৰীক্ষা কৰি তদন্ত কৰিব । বিশাল ফুকনৰে প্ৰবঞ্চনাৰ ঘটনাৰে জড়িত হৈ পৰিছে কৰিঅ’গ্ৰাফাৰ চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ নাম। সম্প্ৰতি দুয়ো পলাতক হৈ আছে। মহানগৰ আৰক্ষীয়ে চুমি আৰু তাৰ্কিকক বিচাৰি অব্যাহত ৰাখিছে অভিযান।