“বিলুপ্ত লোক আৰু জনজাতীয় কলা উত্থান মহোৎসৱ”ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ”ৰ সফল মঞ্চায়ন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰে আয়োজন কৰা “বিলুপ্ত লোক আৰু জনজাতীয় কলা উত্থান মহোৎসৱ”ত যোৱা ৬ ডিচেম্বৰত সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” পুতলা নাচৰ মাধ্যমত মঞ্চস্থ হয়। নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ।পুতলা নাটখনত লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে পৰিৱেশিত হয়। “ৰাৱণ বধ” নাটখনে “বিলুপ্ত লোক আৰু জনজাতীয় কলা উত্থান মহোৎসৱ”ত উপস্থিত থকা শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে।পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালন প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। “ৰাৱণ বধ” নাট খনত সকলো ৰসেই দেখুওৱা হৈছিল। নাটখনত অলাগতীয়াল শব্দৰ প্ৰয়োগ নকৰি নাট্যকাৰে অসমীয়া সাহিত্যৰ সাৱলীল ৰূপ প্ৰতিফলিত কৰিছিল।নাটৰ চৰিত্ৰ সমূহৰ ৰাম, সীতা, লক্ষণ, ৰাৱণ, সুৰপনাখা আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। সুৰপনাখাৰ পৰা সুন্দৰী নাৰীলৈ সলনি হোৱা কলা কৌশল দেখি দৰ্শক অভিভূত হৈ পৰে।লক্ষ্মণে সুৰপনাখাৰ নাক কটা, ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত। নাট খনত সংগীত পৰিচালনা পাপু গোহাঁইৰ। নাটক খনত “বিলুপ্ত লোক আৰু জনজাতীয় কলা উত্থান মহোৎসৱ” ত আধ্যাত্মিক সংগীত, লোক সংগীত, পাশ্চাত্য সংগীতৰ সংমিশ্ৰণৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল।পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হেমেন সেনাপতি, কৰিস্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, পলক কৈৰি, গনেশ বড়ো। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস আৰু কৃতাৰ্থ শৰ্মাৰ। মঞ্চ সজ্জা সীমান্ত শৰ্মা আৰু গনেশ বড়োৰ। “ৰাৱণ বধ” নাট খনত শিল্পী আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি।
