বিলাসী হোটেললৈ ৰূপান্তৰিত হ’ল চৰকাৰী ধনেৰে নিৰ্মাণ কৰা অনাথ আশ্ৰম! প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ

বিলাসী হোটেললৈ ৰূপান্তৰিত হ’ল চৰকাৰী ধনেৰে নিৰ্মাণ কৰা অনাথ আশ্ৰম! প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ
উত্তৰ-পূবৰ প্ৰতি ঘোৰ অন্যায় কৰিছে, মণিপুৰৰ আজিলৈকে খবৰ নল’লে মোদীয়ে, দিল্লীত আইনী সন্মিলনত গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিমা হাচাওত ৰাজহুৱা ধনেৰে নিৰ্মিত এখন অনাথ আশ্ৰম বিলাসী হোটেললৈ ৰূপান্তৰিত কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাৰ। কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰশাসন আৰু উন্নয়ন নীতিৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, এই বিষয়ে নিজৰ এক্স হেণ্ডেলযোগে প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁৰ অভিযোগ অনুসৰি, ‘২০২১ চনৰ ২৬ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২.৯৮ কোটি টকা ব্যয় সাপেক্ষে এনএলচিপিআৰৰ পুঁজিৰে নিৰ্মাণ কৰা এখন অনাথ আশ্ৰম উদ্বোধন কৰিছিল। কিন্তু কেইমাহমানৰ ভিতৰতে অনাথ শিশুসকলক তাৰ পৰা আঁতৰাই পেলোৱা হয়। তাৰ পিছত ২০২২ চনত এই ভৱনটো আংশিকভাৱে সংস্কাৰ কৰা হয় আৰু শেহতীয়াকৈ চলিত বৰ্ষৰ ২৬ জুলাইত একেটা ভৱন ‘হেডিং হোটেল’ হিচাপে পুনৰ মুকলি কৰা হয়। এই বিস্ফোৰক তথ্য উন্মোচন কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰি কয়, “অনাথ আশ্ৰমৰ পৰা বিলাসী হোটেললৈ ৰূপান্তৰ, সেইটোও ৰাজহুৱা ধনৰ মূল্যত- এয়াই নতুন অসমত জনকল্যাণৰ নিদৰ্শন নেকি?” জানিব পৰা মতে, এই অনাথ আশ্ৰমখন প্ৰথমে নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচ’ৰ্ছ (এনএলচিপিআৰ) প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছিল, যিটো প্ৰকল্পৰ উদ্দেশ্য আছিল উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়ন। কিন্তু শিশুকেইটাক খালী কৰাৰ পিছত ভৱনটোৰ উদ্দেশ্য সম্পূৰ্ণ সলনি হয়। সূত্ৰ অনুসৰি ২০২২ চনত ইয়াৰ বৃহৎ সংস্কাৰ সাধন কৰা হয় আৰু ব্যক্তিগত পদক্ষেপেৰে বিলাসী হোটেল হিচাপে গঢ়ি তোলা হয়। এই ঘটনাৰ পিছতে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে চৰকাৰী ধনৰ ব্যয়ৰ অডিট আৰু ভৱনটোৰ উদ্দেশ্যৰ পৰিৱৰ্তনৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। একে সময়তে বিভিন্ন শিশু কল্যাণ সংস্থা আৰু সমাজ কৰ্মীয়ে ইয়াক মূল উদ্দেশ্যৰ প্ৰতি ‘প্ৰতাৰণা’ বুলি অভিহিত কৰিছে। ইফালে আজি নতুন দিল্লীত অনুষ্ঠিত বাৰ্ষিক আইনী সন্মিলনত অংশগ্ৰহণ কৰি ”সাংবিধানিক প্ৰত্যাহ্বান, দৃষ্টিভংগী আৰু সমাধান’’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি একাধিক গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। অসম চুক্তি, শ্বিলং চুক্তি, মিজো চুক্তি, ‘কা’ বিৰোধী আন্দলোনকে ধৰি একাধিক প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে সমগ্ৰ উত্তৰ-পূবৰ আৱেগ আৰু অনুভূতিক যদি কোনো দলে ভালদৰে অনুধাৱন কৰিবলৈ চেষ্টা চলাই আহিছে আৰু সন্মান প্ৰদান কৰিছে সেই দলটোৱেই হৈছে কংগ্ৰেছ দল। বৰ্তমান বিজেপি চৰকাৰৰ দিনত কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলক একপ্ৰকাৰ পাহৰি পেলাইছে বুলিও তেওঁ অভিযোগ কৰে। ”মণিপুৰ আজিও জ্বলি আছে। অথচ সেই জুই নিৰ্বাপিত কৰিবলৈ এবাৰলৈকো প্ৰধানমন্ত্ৰীয়ে মণিপুৰলৈ নগ’ল। মণিপুৰত আজি যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ আজিলৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দায়িত্ব লোৱা দেখা নগ’ল।’’ পেহেলগাম, পুলৱামা, উৰিৰ লগতে গৃহমন্ত্ৰীৰ ব্যৰ্থতাৰ তালিকাৰ পৰা মণিপুৰৰ হিংসাৰ কথাক এৰাই চলিলে নহ’ব বুলিও কয় সাংসদ গগৈয়ে। আজিলৈকে মণিপুৰৰ ঘটনাক লৈ গৃহমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ নকৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি গগৈয়ে কয় যে ৰাজ্যখনত সংঘটিত হিংসাৰ আঁৰত বিজেপি চৰকাৰো জড়িত হৈ আছে। উত্তৰ-পূবৰ জনজাতীয় ৰাজ্যকেইখনৰ ভিতৰুৱা অঞ্চলসমূহলকৈ আৰএছএছ প্ৰৱেশ কৰি আৰএছএছৰ চিন্তাধাৰা জনজাতীয় লোকসকলৰ মন-মগজুত বলপূৰ্বক সুমুৱাই দিবলৈ অপচেষ্টা চলাই আহিছে বুলিও অভিযোগ কৰে সাংসদ গগৈয়ে। এনে কাৰ্যৰ জৰিয়তে উত্তৰ-পূবৰ জনজাতীয় লোকসকলৰ নিজা পৰম্পৰা, সংস্কৃতি আদিৰ ওপৰতো আঘাত হনা হৈছে বুলি উল্লেখ কৰে গগৈয়ে। অসম, অৰুণাচল, ত্ৰিপুৰাৰ সংখ্যালঘু খ্ৰীষ্টানসকলৰ ওপৰত বিজেপি চৰকাৰে আওপকীয়াকৈ আক্ৰমণ চলাইছে বুলিও গগৈয়ে অভিযোগ কৰে। একেদৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ ভূমি পুঁজিপতিক গতাই দিবলৈ চৰকাৰে ষড়যন্ত্ৰ চলোৱাৰ কথাও গগৈয়ে নিজৰ ভাষণত উল্লেখ কৰে। স্বায়ত্ব শাসিত অঞ্চলসমূহৰ স্বায়ত্ব শাসন বিজেপি চৰকাৰে কাঢ়ি ল’বলৈ অহৰহ চেষ্টা চলাই আছে বুলিও সাংসদ গগৈয়ে অভিযোগ কৰে। নিজৰ ভাষণত গগৈয়ে মহিলাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা চাইবাৰ আক্ৰমণ তথা চাইবাৰ নিৰ্যাতনৰ কথাও উল্লেখ কৰি বিজেপি চৰকাৰে মহিলাসকলক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। কংগ্ৰেছৰ পঞ্চ ন্যায়ৰ জৰিয়তেহে সমগ্ৰ দেশতে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোৰে সম উন্নয়ন কৰাতো সম্ভব হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লোকসভাৰ বিৰোধী উপ-দলপতিগৰাকীয়ে।