বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীয়াগুলীৰ ঘটনা

বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীয়াগুলীৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ বজাৰত  দুৰ্বৃত্তৰ গুলীচালনা। এই গুলীচালনাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে।  জানিব পৰা মতে এখন বাইকত উঠি অহা তিনিজনীয়া দুর্বৃত্তৰ দল এটাই ৰাণীগঞ্জ বজাৰত থকা ষ্টেট বেংকৰ চিএছপিত প্রৱেশ কৰি পিষ্টলেৰে ধাৰাসাৰ গুলীবর্ষণ কৰে। ঘটনাটোত চিএছপিটোৰ গৰাকী অবাইদুৰ ৰহমান প্ৰধানী আৰু কৰ্মচাৰী ৰতন ৰায় আহত হয়। ইয়াৰে অবাইদুৰ ৰহমান প্ৰধানীৰ পেট আৰু ভৰিত গুলীয়ে আঘাত  কৰাৰ বিপৰীতে ৰতন ৰায়ৰ বুকুত গুলী লাগে। অবাইদুৰক সংকটজনক অৱস্থাত প্রাথমিক চিকিৎসাৰ অন্তত ততাতৈয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৰতন ৰায়ক বঙাইগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।  গুলী চলায়েই দুর্বৃত্ত তিনিজন সেই স্থানৰ পৰা বাইকেৰে আঁতৰি যায়। গুলীৰ শব্দ শুনি বজাৰখনত লগে লগে তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। আতংকিত লোকে ইপিনৰ পৰা সিপিনলৈ দৌৰিবলৈ ধৰে। তাৰ মাজতে একাংশই আহতদ্বয়ক চিকিৎসাৰ ব্যৱস্থা কৰে। ইফালে, ফুট- গধূলিৰ ঘটনাটোৰ বাতৰি পাই লগে লগে ধুবুৰীৰ আৰক্ষী অধীক্ষক, বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া সেই স্থানত উপস্থিত হৈ ঘটনাটোৰ বুজ লোৱাৰ লগতে তদন্তও আৰম্ভ কৰে। তদুপৰি গুলীচালনা কৰা দুর্বৃত্তৰ সন্ধানত অভিযানো আৰম্ভ কৰে। আৰক্ষীয়ে তিনি দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই ।