বিলাসীপাৰাত গুৱাহাটীৰ নিখোজ বোৱাৰীৰ অর্ধগলিত মৃতদেহ উদ্ধাৰ

বিলাসীপাৰাত গুৱাহাটীৰ নিখোজ বোৱাৰীৰ অর্ধগলিত মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এমাহ পূর্বে অতি নৃশংসভাৱে হত্যা কৰি পুতি থোৱা এগৰাকী বোৱাৰীৰ অর্ধগলিত মৃতদেহ গুৱাহাটী, বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে এক্সকেভেটৰেৰে খান্দি গাঁতৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে, চাৰি বছৰ পূর্বে টোকৰাবান্ধাৰ নটেয়া গাঁৱৰ ৰফিকুল ইছলামে দক্ষিণ শালমাৰাৰ পাটাকাটা গাঁৱৰ ৰমেনা খাতুনৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেতিয়াৰে পৰা ৰফিকুলে পত্নীক লৈ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত থাকিবলৈ লয়। মহানগৰীত ৰফিকুলে ই-ৰিক্সা চলাই সুখৰ সংসাৰ কৰিবলৈ লয়। কিছুদিন পিছৰে পৰা যুৱকজনে মাহেকীয়া লটাৰী খেলৰ লগত জড়িত হৈ পৰে। বহুতৰ ওচৰত লটাৰী খেলৰ টিকট বিক্রী কৰিছিল। কিন্তু ৰহস্যজনকভাৱে ৰফিকুল ইছলামৰ পত্নী ৰমেনা খাতুন বিগত এমাহে সন্ধানহীন হৈ পৰে। ৰমেনাৰ পিতৃগৃহৰ লোকে বহুত বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াব নোৱাৰিলে। পিছত ৰমেনাৰ মাতৃয়ে গুৱাহাটীৰ ভৰলুমুখ থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১৮৮/২০২৪ নম্বৰৰ বিপৰীতে ভাৰতীয় ন্যায় সংহিতাৰ ১৪০ (৪)/১৪২/২৪৯(চি) নং ধাৰাত এটা গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে। বোৱাৰীগৰাকী সন্ধানহীন হোৱাৰ প্ৰকৃত কাৰণ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে ৰফিকুলৰ ভাতৃ হাবিজুল ইছলামৰ লগতে কেইবাজনো লোকক আটক কৰি সোধা-পোছা কৰিবলৈ লয়। আটকাধীন লোককেইজনে বোৱাৰীগৰাকীক পৰিকল্পিতভাবে হত্যা কৰা বুলি আৰক্ষীৰ তদন্তত উদ্‌ঘাটন হয়। আজি ভৰলুমুখ থানাৰ আৰক্ষীয়ে বিলাসীপাৰা আৰু চাপৰ থানৰ আৰক্ষীৰ সহযোগত এক্সকেভেটৰ লৈ টোকৰাবান্ধাৰ নটেয়া গাঁৱত উপস্থিত হয়। পিছত ৰফিকুলৰ ভাতৃ হাবিজুলে কিদৰে বোৱাৰীগৰাকীক হত্যা কৰি ক’ত গাঁত খান্দি পুতি থৈছিল সেয়া দেখুৱাই দিয়ে। লগে লগে এক্সকেভেটৰেৰে দেখুৱাই দিয়া স্থানত খান্দিবলৈ আৰম্ভ কৰে। মহানগৰৰ পৰা অহা দণ্ডাধীশৰ সন্মুখতে গাঁতটোৰ পৰা বোৱাৰীগৰাকীৰ অৰ্ধগলিত মৃতদেহ ওলাই পৰে। আৰক্ষীৰ দলে ৰমেনাৰ মৃতদেহ গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইফালে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ৰফিকুল বর্তমানলৈ পলাতক হৈ আছে। এই সন্দর্ভত মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে। কিন্তু কি কাৰণত এই নৃশংস হত্যাৰ বলি হ’ল ৰমেনা খাতুন, সেয়া বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত।