বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- মহৰাষ্ট্ৰৰ বাৰামতীত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু তেওঁৰ নিৰাপত্তাৰক্ষী কঢ়িয়াই অনা এখন চাৰ্টাৰ্ড বিমান বুধবাৰে পুৱা ৮.৪৫বজাত ৰাজ্যখনৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ এই দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগত বিমানখনত থকা আন চাৰিজন লোকৰ মৃত্যু হয় । জানিব পৰা মতে, বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ।পাৱাৰ পৰিয়ালৰ দুৰ্গ বুলি গণ্য কৰা বাৰামাতিৰ বিধায়ক অজিত পাৱাৰ। দুৰ্ঘটনাটোৰ পিছতে বিমানখন জুইত জাহ যায়। প্ৰথম অৱস্থাত এই দুৰ্ঘটনাত অজিত পাৱাৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁক বাৰামাটিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছিল। অৱশ্যে কিছু সময়ৰ পিছতে তেওঁক মৃত ঘোষণা কৰা হয়। ৬৬ বছৰীয়া পাৱাৰে আজি পুনে জিলাত চলি থকা জিলা পৰিষদ নিৰ্বাচনৰ বাবে একাধিক সভাত ভাষণ দিয়াৰ কথা আছিল ৷ ডি জি চি এৰ এগৰাকী বিষয়াই জনোৱা মতে, ভি এছ আৰ এভিয়েশন পৰিচালিত ভি টি-এছ এছ কে লিয়াৰজেট ৪৫ বিমানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকী আছিল । বিমানখনত ক্ৰুকে ধৰি পাঁচজন লোক আছিল । দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয় ।তেওঁ কয়,বিমানখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, আন ২ জন জোৱান (১ জন পিএছঅ’ আৰু ১ জন এটেণ্ডেণ্ট) আৰু ২ জন ক্ৰু (পিআইচি+এফঅ’) সদস্য আছিল । প্ৰাৰম্ভিক তথ্য অনুসৰি দুৰ্ঘটনাটোত কোনো লোক জীৱিত অৱস্থাত নাই ।

ঘটনাস্থলীৰ ভিডিঅ’ত দেখা গৈছে পুৱা প্ৰায় ৯:১৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ জ্বলি থকা ধ্বংসাৱশেষ। খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল মোতায়েন কৰা হয় আৰু স্থানীয় লোকেও সহায়ৰ বাবে তৎপৰ হৈ পৰে । কিন্তু জ্বলি থকা বিমানখনৰ কাষ চপাটো বৰ বিপদসংকূল আছিল । পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অজিত পাৱাৰে অহা মাহত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা আছিল । বুধবাৰে তেওঁ চাৰিখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ কথা আছিল।অৱশ্যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ভূ পতিত হ’ল নে কাৰিকৰী বিজুতিৰ সন্মুখীন হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।বিমান দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্য শোকত ভাগি পৰিছে । ৬৬ বছৰ বয়সৰ অজিত পাৱাৰ বিগত ৪০ বছৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল। অজিত পাৱাৰৰ সাহসী সিদ্ধান্ত আৰু স্পষ্টবাদী মন্তব্যই তেওঁক ধাৰাবাহিকভাৱে শিৰোনামত ৰাখিছিল। মহাৰাষ্ট্ৰৰ অন্যতম প্ৰভাৱশালী ৰাজনীতিবিদ বুলি গণ্য কৰা এন চি পিৰ মুৰব্বী অজিত পাৱাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত নিজৰ স্থিতি সুদৃঢ় কৰাই নহয় ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত ষষ্ঠবাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছিল । তেওঁৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক শূন্যতা সৃষ্টি হৈছে। অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মহাৰাষ্ট্ৰৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে বহু লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক। এই দুৰ্ঘটনাত মৃত্যু হোৱা সকলোৰে পৰিয়ালকো ভগৱানে সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”
