বিমানৰ ভাৰা অস্বাভাৱিক বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পৰিবহণ মন্ত্রালয়ে

Pc Deccan Herald

বিমানৰ ভাৰা অস্বাভাৱিক বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পৰিবহণ মন্ত্রালয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ অচলাৱস্থাৰ ফলত প্ৰতিদিনে শ শ বিমান বাতিল হোৱাৰ লগতে বিমানৰ বিলম্ব যাত্ৰাই সমস্যাত পেলাইছে যাত্ৰীক । অপ্ৰত্যাশিত বিমান বাতিলৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইণ্ডিগ’ এই সংকটৰ সুযোগ লৈ আন বিমান কোম্পানীসমূহে আকাশলংঘী বৃদ্ধি কৰিছে বিমান ভাৰা। বিভিন্ন বিমানপথত যাত্ৰীৰ ভাৰা চাৰিগুণ পর্যন্ত বৃদ্ধি পাইছে। বিমান বন্দৰে বন্দৰে পণবন্দী হৈছে দেশী-বিদেশী যাত্ৰীসকল। দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই পৰিস্থিতি স্বাভাৱিক হৈছে বুলি দাবী কৰিলেও শনিবাৰেও দেশৰ বিমান সেৱাত চৰম অৰাজক অৱস্থা পৰিলক্ষিত হৈছে। ঘৰুৱা বিমানৰ টিকটৰ দাম অদ্যাপি বিদেশ যাত্রাতকৈও ব্যয়বহুল হৈ পৰিছে। এনে বিশৃংখল পৰিস্থিতিৰ মাজতে বিষয়টোত গুৰুত্ব আৰোপ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ।  অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ইণ্ডিগ’ৰ বেমেজালি আৰু আন বিমান কোম্পানীৰ অমানৱীয় ভাৰা বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্রী নাইডুৱে এনে লুণ্ঠনকাৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। বিগত ৫ দিন ধৰি দেশৰ বিমান সেৱাত চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে। দেশী-বিদেশী পৰ্যটকে চৰম অনিশ্চয়তাত দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইণ্ডিগ’ক পূর্বতেই বহু সাৱধান কৰি দিয়াৰ পিছতো কোনো সতর্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই এনে অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি অসামৰিক পৰিবহণ মন্ত্রালয়ে বিমান কোম্পানীটোক কঠোৰ শাস্তি বিহাৰ পৰিকল্পনা কৰিছে। সমান্তৰালভাৱে দেশৰ সৰ্ববৃহৎ বিমান কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্ছক অপসাৰণৰো পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াৰ সৈতে এলানি বৈঠকত মিলিত হৈছে। বৈঠকৰ সময়ত বিমান কোম্পানীটোৰ বহু গাফিলতি পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক অপসাৰণৰ গুণাগঁথা চলিছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে পৰিস্থিতি মোকাবিলাৰ বাবে নির্দেশ দিয়াৰ পিছতো ১৫ ডিচেম্বৰ পৰ্যন্ত পৰিস্থিতি যে স্বাভাৱিক নহয়, সেই কথা শীর্ষ বিষয়াসকলৰ বক্তব্যত একপ্ৰকাৰ স্পষ্ট হৈছে। বিমান কোম্পানীটোৰ এনে অৱহেলাৰ বাবেই বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰো পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে। একে সময়তে তেওঁলোকৰ বিমান সেৱাৰ সংখ্যা আৰু অধিক হ্রাস কৰাৰ পৰিকল্পনা কৰা হৈছে। অতি শীঘ্রেই এই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ধাৰাবাহিকভাৱে বিমান সেৱা বাতিল হোৱাৰ পিছত দেশৰ বিমানৰ টিকটৰ মূল্য অস্বাভাৱিক বৃদ্ধি পাইছে। শনিবাৰে দিনত দিল্লীৰ পৰা কলকাতালৈ এজন যাত্রীয়ে অহা-যোৱা কৰিলে ৪৫ হাজাৰ টকা পর্যন্ত ব্যয় কৰিবলগীয়া হ’ব। তদুপৰি দেওবাৰৰ দিনটোত এই মূল্য চাৰিগুণ হৈছে। অর্থাৎ দিল্লী-কলকাতা পথত দেওবাৰে এজন ব্যক্তিয়ে ভ্ৰমণ কৰিলে খৰচ কৰিব লাগিব ৮৫ হাজাৰ টকা। একেদৰে দিল্লী-মুম্বাই পথত এই ভাৰা ৬৫ হাজাৰ টকা। কলকাতা-মুম্বাই পথত ৯০ হাজাৰ টকালৈকে বৃদ্ধি পাইছে। ইয়াৰ পিছতে বিমান পৰিবহণ মন্ত্রালয়ে বিমান সংস্থাসমূহক নতুনকৈ ভাৰাৰ সীমা মানি চলিবলৈ নিৰ্দেশ দিছে। পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে কোনো বিমান কোম্পানীয়ে অতিৰিক্ত ভাৰাৰে যাত্ৰীসকলক লুণ্ঠন চলাব নোৱাৰিব বুলি সকীয়নি দি এনে কৰিলে সংশ্লিষ্ট বিমান কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী ৰামমোহন নাইডুৱে সদৰী কৰে। তেওঁ লগতে যাত্ৰীসকলক ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ বিমান ভাৰা কোনো কৰ্তন নকৰাকৈ ঘূৰাই দিয়াৰ বাবেও ইণ্ডিগ’ কর্তৃপক্ষক নির্দেশ দিছে। মন্ত্রী নাইডুৱে ইণ্ডিগ’ৰ বিমান সমস্যাৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি এই ঘটনাৰ বিৰুদ্ধে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কয়। তেওঁ কয়- ইতিমধ্যে সমগ্র ঘটনা সন্দৰ্ভত এখন কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে ঘটনাৰ তদন্ত কৰিব। ইয়াৰ জৰিয়তে ভুলটো ক’ত হৈছিল বা কোনে কৰিছিল আমি জানিব পাৰিম। এইক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ’ব। ভুল প্রমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নাইডুৱে লগতে কয় যে অসামৰিক বিমান সেৱা আৰু যাত্ৰীৰ সহায় স্বাভাৱিক কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নতুন বিমানৰ কৰ্তব্যৰ সময়সীমা, নিয়ম প্রণয়ন কৰিছে আৰু এইবোৰ পৰীক্ষা কৰি আছে।