বিভেদৰ বীজ – দুলুমণি দেৱী 

Pc Deccan Herald

বিভেদৰ বীজ 

দুলুমণি দেৱী 
মাকুম

নিজৰ ৰাস্তাত সঠিকমতে কাম কৰিব বিচাৰিলেও সন্মুখত এনে কিছুমান প্রত্যাহ্বান আহি পৰে যে সেইবিলাক অতিক্রম কৰিবলৈ হ’লে নিজৰ স্থিতি সবল কৰিবলগা হয়৷ সমাজত যেতিয়া যিকোনো ভাল  কাম কৰিবলৈ যোৱা হয় পিছফালে টনা মানুহৰ সংখ্যাও যথেষ্ট ওলায় ,কিন্তু সেইচাম মানুহক চিনি পোৱাটো অতি জটিল কাম৷ কাৰণ তেওঁলোকে মুখৰ আগত মিঠা মাতেই দি থাকি‌ব ,ভিতৰি কিন্তু বিভেদৰ বীজ সিঁচে ৷সমাজত আমি জানো যে দুটা দিশ থাকেই ভাল আৰু বেয়া৷ঠিক তেনেকৈ মানুহৰ মাজতো এচাম ভাল মানুহ ,এচাম বেয়া মানুহ থাকে বুলি শুনি থাকো৷সেই শুনাখিনি যেতিয়া বাস্তৱত জীৱনৰ কিছুমান দিশত কাম কৰিবলৈ যাওঁতে আহি পৰে তেতিয়া তেওঁলোকক চিনাক্ত কৰাও সহজ হৈ পৰে ৷ অন্যহাতে প্রত্যাহ্বান সৃষ্টি কৰিবলৈ বাট চাই থকাও এচাম ব্যক্তি আছে যি নেকি অতি চতুৰ ৷ সেই চতুৰ ব্যক্তিসকলে আঁৰত থাকি কাম কৰে ৷আৰু সেইচামে খুউৱ ধুনীয়াকৈ মগজুৰ খেল খেলিব জানে ৷ সেই চতুৰ ব্যক্তিসকলে সহজ সৰল লোকৰ সৰলতাৰ সুযোগ বৰ ধুনীয়াকৈ লব জানে৷ তেওঁলোকে ইমান কৌশলেৰে মগজুৰ খেল খেলি সুবিধা আদায় কৰিব কোনোৱে পাত্তাই নাপায় ৷ আৰু এটা তেওঁলোকৰ স্বভাৱ আছে নিজে তেওঁলোকে সমাজৰ  সকলোৰে লগত খুউৱ মিলাপ্রীতিয়ে থাকে আনক কিন্তু বেয়া বদনাম দিবলৈ ,বেয়া কৰিবলৈ উঠি পৰি লাগে,সেইসকল ব্যক্তিৰ পৰা অতি সাৱধান হোৱা উচিত৷

ভাল গছপুলি এটা ৰুলে যেনেকৈ লতা ,ঘাঁহ বনে আৱৰি ধৰে পুলিটো লহপহকৈ বাঢ়িব খুজিলেও কষ্ট পায় ঠিক তেনেকৈ ভাল কাম এটা কৰিবলৈ গলেও এচামে বদনাম ৰচনাত বর্তী হবলৈ বিচাৰে ৷ গতিকে শীতল মগজুৱে তেনে চাম মানুহৰ কর্মক জয় কৰিব লাগিব I ভাল মানুহৰ সান্নিধ্যৰ দ্বাৰা নিজক জয় কৰিব লাগিব৷