বিভীষিকা
ৰীমা গায়ন বৰা
যুদ্ধৰ বীভৎস ৰূপত
বিজ্ঞানে হাৰ মানিলে আজি ,
ৰক্তাক্ত , ক্ষত -বিক্ষত দেহত
তেজৰ চেকুৰা , জুইৰ লেলিহান
শিখাত ভস্মীভূত হৈ ছাই হোৱা
ৰক্তকণিকাৰ নমুনা পৰীক্ষা
কৰিব জানো পাৰে গবেষণা কেন্দ্ৰত !
আৰ্তজনৰ মুখৰ পানী টোপা
ওস , বুকুখনে বিষত ছটফটাই কান্দে ।
মিছাইলৰ কাণ তালমৰা শব্দ
কেৱল ধোঁৱা আৰু ধোঁৱা
ক’লা ডাৱৰে ছানি ধৰা আকাশ !
হাৰ নমনা এক আতংকৰ ঝংকাৰ
ইতিহাসৰ পাতত লিপিবদ্ধ হৈ ৰ’ব
ইৰাণ ইজৰাইলৰ আতংকময় যুদ্ধ
তৃতীয় বিশ্বযুদ্ধৰ অশনি সংকেত ।
