বিভিন্ন ক্ষেত্ৰৰ পৰা পোৱা মানসিক হেঁচা/ উৎপীড়ণ সমাজত অতি দ্ৰুতগতিত বৃদ্ধি পোৱা আত্মহননৰ অন্যতম কাৰণ… – মানসী মিশ্ৰ

বিভিন্ন ক্ষেত্ৰৰ পৰা পোৱা মানসিক হেঁচা/ উৎপীড়ণ সমাজত অতি দ্ৰুতগতিত বৃদ্ধি পোৱা আত্মহননৰ অন্যতম কাৰণ…

মানসী মিশ্ৰ

সমাজখন বিভিন্ন দিশত আগবাঢ়ি গৈছে। বিশেষকৈ বিজ্ঞান, প্ৰযুক্তিৰ চমক প্ৰদতাই মানুহক চুই  গৈছে। বিশ্বায়নে সমগ্ৰ পৃথিৱীখনকে এক কৰি পেলাইছে। সকলো ঠাইৰ মানুহে সকলো ধৰণৰ খবৰ মূহুৰ্ততে লাভ কৰে। মানুহৰ হাতে হাতে ইণ্টাৰনেট,লেপটপ। কিন্তু এনেধৰণৰ পৰিৱেশ, পৰিস্থিতিৰ মাজত মানুহৰ নিৰাপত্তাৰ যথেষ্ট অভাৱ। ঘৰৰ পৰা পুৱাৰ  ভাগত বিভিন্ন কৰ্মক্ষেত্ৰলৈ উলাই যোৱা লোকজনো সময়ত মৃতদেহ হৈ হে উভতি অহা কিমান যে ঘটনা সংঘটিত হৈ আছে এইখন সমাজত। হত্যা, হিংসা, উৎপীড়ণ এইসমূহ আমাৰ  সমাজত এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। ইয়াৰ লগে লগে হত্যা কেৱল আনৰ দ্বাৰাই হৈ থকা নাই। এতিয়া নিজে নিজক হত্যা কৰা ঘটনা সমাজত সংঘটিত হ’বলৈ লৈছে। সমাজত আত্মহননৰ ঘটনা ইমান বেছি বৃদ্ধি পাবলৈ ধৰিছে যে সমাজত হয়তো এটা দিন নোলোব যিটো দিনত অতি কমেও দুই তিনিটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত নোহোৱাকৈ আছে। প্ৰতিটো দিনতে দৈনিক বাতৰিকাকত খন হাতত ল’লে অথবা টি.ভিৰ চুইচটো অন কৰিলেই প্ৰতিটো দিন আমাৰ ৰাজ্যত, সমাজখনত হৈ থকা আত্মহত্যাৰ খবৰবোৰে মনটোক বৰ দুখ ভাবেৰে চুই থৈ যায়। মনলৈ নানানটা প্ৰশ্ন আছে কি কাৰণতনো ইমান অকালতে মানুহে নিজকে শেষ কৰি এই ধুনীয়া পৃথিৱীখনৰ পৰা আঁতৰি যাবলৈ বিচাৰে। এই ঘটনা ইতিমধ্যে যিসকলৰ মাজত ঘটি গ’ল তেওঁলোকক কিন্তু সমাজৰ কোনো বিশেষ শ্ৰেণীৰ, বিশেষ বয়সৰ অথবা বিশেষ লিংগৰ বুলি অন্তৰ্ভুক্ত কৰিব নোৱাৰি। ইয়াত অষ্টম নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, আদহীয়া ব্যক্তি, বৃদ্ধলোকলৈকে আছে। ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অসামৰিক বিষয়া, চিকিৎসক, অভিযন্তা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, কলেজ-স্কুলৰ শিক্ষক, ঘৰৰ কাম কাজত সহায় কৰা সহায়কাৰীৰ পৰা ঘৰৰ গৃহিণী সকললৈ সকলো সোমাই পৰিছে। এই বিভিন্ন শ্ৰেণীৰ লোকসকলে বিগত কেইটামান বছৰৰ পৰা বৰ্তমানৰ সময়ছোৱালৈ আত্মহত্যাৰ ঘটনা সংঘটিত  কৰি আহিছে। মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে এই আত্মহননৰ ঘটনা সমূহক একধৰণৰ মানসিক ব্যাধি বুলি কয়। কিন্তু  এইখিনিতে প্ৰশ্নটো হয় যে কি কাৰণত এই মানসিক ৰোগ ব্যাধিৰ উদ্ভৱ হয় মানুহৰ মাজত। মানুহগৰাকীয়ে নিজে নিজক শেষ কৰি যায় বাবেই বহুকথাত উপযুক্ত সাক্ষ প্ৰমাণ দাঙি ধৰিব পৰা ব্যৱস্থাটো নাথাকে। বিগত দিনসমূহত ৰাজ্যৰ অসামৰিক বিষয়া, চিকিৎসক, আই.পি.এছ বিষয়াকে ধৰি অভিযন্তা, বহু মেধাৱী ছাত্ৰ-ছাত্ৰী, আনৰ ঘৰত ঘৰুৱা কামৰ সহায়কাৰী হিচাপে থকা ব্যক্তিয়ে আত্মহত্যা কৰিছে। ৰাজ্যৰ অতি প্ৰভাৱশালী , প্ৰাক্তনমন্ত্ৰী কন্যা নিজে এগৰাকী অধিবক্তা হৈয়ো এনে চৰম পন্থা বাচি লৈ নিজৰ মূল্যৱান জীৱন শেষ কৰি পেলাইছে। তেওঁলোকে সমাজত প্ৰতিগৰাকীয়েই এক নিজস্ব ভূমিকাত আছিল। তেওঁলোকে সুন্দৰভাৱে নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ আছিল তেন্তে এনে ক্ষেত্ৰত নিজৰ সুন্দৰ জীৱন একোটা তেওঁলোকে কিয় শেষ কৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে? তেওঁলোকৰ সংস্থাপনৰ অভাৱ নাই, টকা-পইচাৰ অভাৱ নাই কিন্তু ইয়াৰ পিছতো অনুপম জীৱনটোৰ সকলো মায়া মোহ ত্যাগ কৰি তেওঁলোকে এনে সিদ্ধান্ত কিয় লয় ইমান সুন্দৰ, ধুনীয়া জীৱনটোৰ পৰা আঁতৰি যোৱাৰ।

বিগত দিনসমূহত আমাৰ সমাজখনৰ চৌপাশে হৈ যোৱা বিভিন্ন আত্মহননৰ ঘটনাসমূহ যদি ফহিঁয়াই চাওঁ তেন্তে দেখা যায় যে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা পোৱা মানসিক পীড়ণ, হেচাঁ ইত্যাদি মানুহৰ মাজত গভীৰ উদ্বেগ, হতাশা সৃষ্টি কৰাৰ প্ৰধানকাৰক হৈ দেখা দিছে আমাৰ সমাজত। এই হেঁচা অথবা চাপ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিব পাৰে। নিজৰ ঘৰখনত, পৰিয়ালটোত, নিজে অধ্যয়ন কৰি থকা  বিদ্যালয়, মহাবিদ্যালয় খনত, নিজে কৰ্মৰত হৈ থকা কৰ্ম প্ৰতিষ্ঠানখনত ইত্যাদি ইত্যাদি। আমাৰ সমাজত সঘনাই ঘটি থকা এই আত্মহননৰ ঘটনাসমূহ যদি আমি বিশ্লেষণ কৰি চাওঁ তেন্তে দেখবলৈ পাওঁ যে সমাজত একাংশ অত্যন্ত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ লৈছে। এই ঘটনা সমূহ সাধাৰণতে উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ আগতে আৰু ফলাফল ঘোষণা হোৱাৰ ঠিক পিছতে সংঘটিত হয়। তেওঁলোকে  ইমান গভীৰ ভাৱে পৰীক্ষাৰ বিষয়টো নিজৰ মন মগজুত সোমোৱাই লয় যে তেওঁলোকে যদি ভাৱে যে তেওঁলোকে পৰীক্ষাত আশা কৰা মতে, ভবামতে ফলাফল দেখুৱাব নোৱাৰিব তেতিয়া হঠাতে সিদ্ধান্ত লয় নিজৰ জীৱনটো তাৎক্ষণিকভাৱে শেষ কৰি পেলোৱাৰ। এই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত বহুসময়ত নিজৰ পৰিয়ালটোৰ পিতৃ-মাতৃ/ অভিভাৱক সকলোৰো এক প্ৰকাৰ দাবী থাকে যে তেওঁলোকে ইমান শতাংশ নম্বৰ পৰীক্ষাত লাভ কৰিবই লাগিব,এক নিৰ্দিষ্ট পাঠ্যক্ৰমত,এখন নামী দামী কলেজত তেওঁলোকে ছিটটো পাবই লাগিব। কেতিয়াবা কোনো ক্ষেত্ৰত এই যে দাবীৰ লেখীয়া কথাসমূহ তেওঁলোকৰ সামৰ্থ্যতাৰ বাহিৰত হয়। পৰিয়ালে ধৰি দিয়া মতে,তেওঁলোকৰ আশা মতে ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। তেনে হোৱাৰ লগে লগে ল’ৰা-ছোৱালীৰ মনত এক গভীৰ শংকা উদ্বেগৰ সৃষ্টি হয়। বহুসময়ত পিতৃ-মাতৃ, অভিভাৱকে তেওঁলোকে বিচৰামতে ফলাফল দেখুৱাব নোৱাৰা হেতুকে সন্তানক ককৰ্থনাও কৰা দেখা যায়। কেইটামান নম্বৰ বিচৰা মতে লাভ নকৰাৰ বাবেই তেওঁলোকৰ মনত হতাশা, উদ্বেগৰ সৃষ্টি হয়। এনেকৈয়ে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে হঠাতে জীৱনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰো নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত ঠিক একেধৰণৰ ঘটনা ঘটে। কোনোৱে বৈষম্যৰ বলী হৈ যদি আশানুৰূপ ফলাফল নাপায় তেন্তে তেওঁলোকেও এই সিদ্ধান্ত লয়। এনে ধৰণৰ কথাবিলাকেই ছাত্ৰ-ছাত্ৰীৰ মনত গভীৰ মানসিক চাপৰ সৃষ্টি কৰে। ঠিক একেদৰে বহু ছাত্ৰাবাস,ছাত্ৰী নিবাসত নতুন ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত হোৱাৰ  পিছত বহু দিনলৈ চিনাকি পৰ্বৰ নাম জোৰজুলুমে, উৎপীড়ণ চলোৱা হয়। এইয়া ক্ৰমাৎ মানসিক উৎপীড়ণ, উপলুঙাত পৰিণত হয়। তেনেক্ষেত্ৰতো বহু আশাৰে নতুন ছাত্ৰ জীৱন আৰম্ভ কৰিবলৈ অহা কোনো কোনো ছাত্ৰ- ছাত্ৰীয়ে নিজৰ জীৱনটোকে শেষ কৰাৰ সিদ্ধান্ত লয়। বিভিন্ন কৰ্মক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈ থকা ব্যক্তিয়েও বহুসময়ত তেওঁলোকৰ কৰ্ম অনুষ্ঠান/কৰ্মক্ষেত্ৰৰ মুৰব্বীৰ পৰা বিভিন্ন ধৰণৰ হেচাঁ পাই থাকে। বহুসময়ত কাম কৰা অধীনস্থ কৰ্মচাৰী, বিষয়া সকলক অনুষ্ঠানৰ মুৰব্বী সকলে হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়। নিজৰ সুবিধা অনুযায়ী যিকোনো ধৰণৰ কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। যদিহে কোনোবাই নিজৰ বিবেকেৰে বিবেচনা কৰি তেনে কাম সমূহ কৰিবলৈ অমান্তি প্ৰকাশ কৰে তেনে ক্ষেত্ৰত সেই লোক সকলক ইহঁতৰ জীৱজন্তুৰ দৰে ব্যৱহাৰ কৰে। সমাজত এনেকুৱা অনৈতিক কাম-কাজ ইমানেই বেছি হৈছে যে মানুহে ভাল ধৰণে কাম কাজ  কৰিলেও মানুহে শান্তিৰে সমাজত তিষ্ঠিব নোৱাৰে। বিভিন্ন অনিষ্টকাৰী কাৰকে সমাজখনত মানুহখিনিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থাকে। এনেবোৰ কাৰ্য কলাপৰ প্ৰভাৱতে সমাজত বহুলোকৰ মাজত আত্মহননৰ দৰে কৰুণ ঘটনা বৃদ্ধি পাইছে। যুৱচামৰ মাজতো বৃদ্ধি পাইছে এনে ধৰণৰ আত্মহত্যাৰ কৰুণ ঘটনাসমূহ।

গতিকে আমাৰ সমাজত বিভিন্ন সামাজিক পৰিকাঠাম সমূহ সংশোধিত হোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। সেয়া নিজৰ পৰিয়াল পৰিজনেই হওঁক, নিজৰ কৰ্মক্ষেত্ৰখনৰ বিষয়ববীয়া, মুৰব্বী, সহকৰ্মীসকলেই হওঁক সকলোৰে মানসিকতাৰ পৰিবৰ্তন হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। সকলো ব্যক্তিৰে নিজৰ ঘৰখনতেই হওঁক, কৰ্মক্ষেত্ৰখনতেই হওঁক মুক্তমনে কাম কাজ কৰাৰ অধিকাৰ আছে। তাত অন্যায়ভাৱে কোনেও  হস্তক্ষেপ কৰিব নোৱাৰে। সমাজত ঘটনাবোৰ ঘটি গৈ আছে কিন্তু এনে ঘটনাসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে দ্বায়িত্ব আছে। নিজৰ বন্ধু বান্ধৱীয়েই হওঁক অথবা পৰিয়ালৰ কোনো ব্যক্তিয়েই হওঁক যদিহে কিবা এনে ধৰণৰ মনোভাৱ কাৰোবাৰ আগত ব্যক্ত কৰে সেই ক্ষেত্ৰত তেওঁলোকক যিমানলৈ সম্ভৱ সহযোগিতা আগবঢ়াব লাগে, পৰামৰ্শ প্ৰদান কৰিব লাগে আৰু প্ৰয়োজনীয়তা অনুভৱ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে। আমি সমাজৰ সকলোৱে যাতে এই ক্ষেত্ৰত নিজৰ দ্বায়বদ্ধতাখিনি সুস্থিৰ ভাৱে পালন কৰিব লাগে যাতে আমি সমাজখনক এনেধৰণৰ ভয়াবহ ব্যাধি সমূহৰ পৰা ৰক্ষা কৰিব পৰা যায়।