বিভাগৰ দায়িত্ব বিভাগীয় মন্ত্ৰীৰ
অসমত ১২৬ টা বিধান সভা সমষ্টি আছে।সেই অনুসৰিয়েই ১২৬ গৰাকী বিধায়কৰ দ্বাৰাই চৰকাৰখন পৰিচালনা হয়।ইয়াত বিৰোধী দলৰ বিধায়ক সকলক বাদ দিলেও শাসনত থকা বিধায়ক সকলৰ দ্বাৰাই চৰকাৰৰ প্ৰতিটো বিভাগৰ মন্ত্ৰীত্ব প্ৰদান কৰিব পাৰে।তেতিয়াও হয়তু বহু কেইগৰাকী বিধায়ক মন্ত্ৰীত্বৰ অবিহনেই থাকি যাব।অসমত এই বিষয়টো অলপ সুকীয়া।মুখ্যমন্ত্ৰীয়ে নিজৰ পচন্দৰ বিভাগ কেইটা হাতত ৰাখি বাকী নিজৰ পচন্দৰ বিধায়ক কেইজনমানক নামমাত্ৰ ভাৱে তিনি-চাৰিটাকৈ বিভাগ গটাই দি চৰকাৰ পৰিচালনা কৰিব।যাৰ বাবে বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়।যাক কোৱা হয় একনায়কত্ববাদ।যদিহে প্ৰতিটো বিভাগৰ বাবে এগৰাকীকৈ মন্ত্ৰী ৰখা হয়।তেতিয়া নিশ্চয় বিভাগ সমূহৰ কামবোৰো নিয়াৰিকৈ হ’ব যেন ভাৱ হয়।এজন মন্ত্ৰীয়ে নিজৰ দায়িত্বত থকা বিভাগটোৰ সকলো কাম কাজ নিয়াৰিকৈ আৰু পৰিপাটিকৈ পৰিচালনা কৰিব পাৰে।লগতে বিভাগীয় বিষয়া সকলক সকলো কাম সুন্দৰকৈ বুজাই দিয়াৰ উপৰিও নতুন নতুন চিন্তাৰে আগবাঢ়িব পাৰে।তাকে নকৰি এগৰাকী বিধায়কে কেইবাটাও বিভাগৰ দায়িত্ব লোৱাৰ বাবে বিভাগীয় কাম কাজ সমূহ লেহেমীয়া হোৱাৰ লগতে বহু ভুল ক্ৰুতি ৰৈ যোৱা দেখিবলৈ পোৱা যায়।উদাহৰণস্বৰূপে বৰ্তমানৰ অসমৰ শিক্ষা বিভাগৰ কথাকে চাব পাৰি।নামমাত্ৰ এগৰাকী মন্ত্ৰীক দায়িত্ব দি সকলো কাম বা সিধান্ত কেৱল মুখ্যমন্ত্ৰীয়েহে লোৱা পৰিলক্ষিত হ’য়।এনে হলে দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে নিজ চিন্তাৰে কৰিব খোজা বহু কামেই থাকি যাব আৰু বিভাগটো পিচপৰি থাকিব।তদুপৰি নামমাত্ৰ মন্ত্ৰী থাকিলে বিভাগটো কেৱল ভুলৰ মাজেৰেই চলি থাকিব।যিটো আমাৰ চকুৰ সন্মুখতে দেখি আছোঁ।যদি চৰকাৰৰ প্ৰতিটো বিভাগলৈ সুস্থ বাতাৱৰণ ঘূৰাই আনিব লাগে।নাইবা যদিহে প্ৰতিটো বিভাগ দালাল মুক্ত কৰিব খোজে।তেন্তে প্ৰতিটো বিভাগতেই কৰ্মদক্ষ একোগৰাকীকৈ মন্ত্ৰীক দায়িত্ব দিব লাগিব।বিভাগৰ সকলো দায়িত্ব কেৱল মন্ত্ৰী গৰাকীৰহে হ’ব লাগিব।অন্য কোনো লোকে তাত হস্তক্ষেপ কৰিব নালাগিব।তেতিয়াহে দুৰ্নীতি মুক্ত অসম গঢ়িব পৰা যাব।
সত্যজিৎ গগৈ
নাহৰকটীয়া