বিবেকানন্দ কেন্দ্র, ডিব্ৰুগড়ৰ আনন্দালয় ভৱনৰ লোকাৰ্পণ মুখ্যমন্ত্ৰীৰ 

বিবেকানন্দ কেন্দ্র, ডিব্ৰুগড়ৰ আনন্দালয় ভৱনৰ লোকাৰ্পণ মুখ্যমন্ত্ৰীৰ 
অসমৰ চাহ শ্ৰমিকৰ সন্তানৰ লগতে জনজাতীয় সমাজখনৰ সম্ভাৱনাপূৰ্ণ ৰূপত বিকশিতকৰি আনন্দালয়ে স্বামী বিবেকানন্দ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে- মুখ্যমন্ত্ৰী
স্বামী বিবেকানন্দৰ বাণীসমূহ অনন্ত কাললৈ প্ৰাসংগিক হৈ থাকিব ঃ মুখ্যমন্ত্রী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জালুকপাৰাত অনুষ্ঠিত একঅনুষ্ঠানত বিবেকানন্দ কেন্দ্ৰ, ডিব্ৰুগড়ৰ আনন্দালয় ভৱনৰ আনুষ্ঠানিকভাৱে লোকাৰ্পন কৰে।এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰতিপাদিত“মানৱ গঠনেই ৰাষ্ট্ৰ গঠন’ আৰু ‘মানৱ সেৱাই ঈশ্বৰ সেৱা’- এই দুয়োটা আদৰ্শৰ প্ৰতি উৎসর্গীতভাৱে সেৱাআগবঢ়াই অহা বিবেকানন্দ কেন্দ্ৰই আধ্যাত্মিকতাৰ দিশেৰে আমাৰ সমাজখন আগুৱাই নিয়াত অনৱদ্যঅৱদান যোগাই আহিছে। দেশজুৰি হাজাৰৰো অধিক বিবেকানন্দ কেন্দ্ৰত নিয়োজিত উৎসর্গিত কর্মীদলে আগবঢ়াই অহা সেৱাই মানৱতাবাদী ধ্যান-ধাৰাৰে সমাজখন আগবঢ়াই লৈ যোৱাৰ লগতে সমাজৰ প্রান্তীয় শ্ৰেণীৰ আত্ম-মর্যাদা প্রতিষ্ঠা কৰাত সহায় কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ১৯৭৪ চনৰ পৰাউত্তৰ-পূৰ্বাঞ্চলত সেৱা আগবঢ়োৱা বিবেকানন্দ কেন্দ্ৰৰ মানৱসেৱী সকলৰ নিঃস্বাৰ্থ সেৱাৰ বাবেই অসম,অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত সম্প্ৰতি কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতিপ্রাপ্ত ৬৫ খন বিদ্যালয়ে শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ দিশত একাগ্ৰতাৰে নিয়োজিত হৈ বৃত্তিমূলক প্ৰশিক্ষণৰ মাধ্যমেৰে উত্তৰ- পূৰ্বাঞ্চলৰ মহিলাসকলক স্বাৱলম্বীতাৰ বাটেৰে খোজ কাঢ়িবলৈ বিগত ৩৫ বছৰ ধৰি এই কেন্দ্ৰই লোৱা ভূমিকাই উত্তৰ-পূৰ্বাঞ্চলত নাৰী সবলীকৰণত ইতিবাচক প্ৰভাৱ পেলাইছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ, দার্শনিক আৰু অম্লান প্রেৰণাৰ উৎস স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনাই চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাত উৎসৰ্গিত আনন্দালয় ভৱন স্থাপনৰ এই মহৎ পদক্ষেপৰ বাবে বিবেকানন্দ কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰআন্তৰিক শলাগ লয়।বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি বালাকৃষ্ণনক এই মহান পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপনকৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ বলিষ্ঠ নেতৃত্বতে কেন্দ্ৰটোৰ শিক্ষা প্ৰচাৰ বিভাগে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ স্থাপনত লোৱা পদক্ষেপৰ বাবে আজি অসমত ২৫ খনকৈ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্রতিষ্ঠা হৈছে আৰুএই শিক্ষানুষ্ঠানসমূহে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াইছে। মুখ্যমন্ত্রীয়ে কয় যে সমাজ জীৱনলৈ বিবেকানন্দ কেন্দ্ৰৰ আন এক উল্লেখনীয় অৱদান হৈছে বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মাধ্যমেৰে বিগত ২৮ বছৰে বিবেকানন্দ কেন্দ্ৰই জনজাতি সমাজৰ জীৱনধাৰা, সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্ধনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আনন্দালয়েইতিমধ্যে অসমৰ চাহ বাগিছাৰ উঠি অহা প্ৰজন্মৰ লগতে বৃহত্তৰ জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই এক প্ৰশংসনীয় কাৰ্য সম্পাদন কৰিছে। বৰ্তমান ৰাজ্যখনত ২২০টা এনে শিক্ষাকেন্দ্ৰ চলি থকাটোৱে আনন্দালয় পদক্ষেপৰ সফলতাৰ স্পষ্ট বার্তা বহন কৰে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে প্রশিক্ষিত স্থানীয় যুৱকৰ জৰিয়তে প্ৰদান কৰা দৈনিক পাঠদানে চাহ শ্ৰমিকৰসন্তান আৰু জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশত সহায়কৰিছে। তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধিৰ লগতে সমাজলৈ ইতিবাচকভাৱে অৱদান আগবঢ়াবলৈউৎসাহিত কৰা আনন্দালয়ে সামগ্রিকভাৱে সামাজিক উন্নয়ন নিশ্চিত কৰি স্থানীয় সংগঠনৰ জৰিয়তেমহিলাৰ সবলীকৰণৰো প্ৰসাৰ ঘটাইছে। বিবেকানন্দ কেন্দ্ৰ আনন্দালয় ভৱনে চাহ বাগিছাৰ যুৱ সমাজক জীৱিকামূলক দক্ষতা প্রদান, চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশৰ প্ৰশিক্ষণ প্রদানেৰে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিৰ কেন্দ্ৰ হিচাপেও কাম কৰি আমাৰ সমাজখনলৈ যোগাত্মক অৱদান আগবঢ়াইছে বুলিও তেওঁ কয়।মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে ডিব্ৰুগড়ত আজি লোকাৰ্পন কৰা আনন্দালয় ভৱনে দক্ষতাউন্নয়ন প্রশিক্ষণ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াব, য’ত আচাৰ্যসকলে প্ৰশিক্ষণ লাভ কৰিব। উত্তৰ-পূব ভাৰতৰবিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তাসকলৰ প্ৰশিক্ষণ, একলব্য প্ৰকল্পৰ জৰিয়তে শ্রমিক পঞ্জীয়ন আৰু স্থানীয়জনগোষ্ঠীৰ দক্ষতা উন্নয়ন, কম খৰচত চিকিৎসা সেৱা, চাহ বাগিছাৰ সম্প্ৰদায়ৰ বাবে দক্ষতা উন্নয়নপ্রশিক্ষণ কেন্দ্ৰ, চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল আদি এই ভৱনত সন্নিৱিষ্ট কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ চাহ শ্ৰমিকৰ সন্তানৰ লগতে জনজাতীয় সমাজখনৰ সম্ভাৱনা পূৰ্ণ ৰূপত বিকশিত কৰি আনন্দালয়ে স্বামী বিবেকানন্দৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে আৰু নৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ যিসকল প্রাতঃস্মৰণীয় চিন্তানায়ক আৰু মহান দৰ্শনিকৰ জন্ম হৈছে সেই সকলৰ অন্যতম হৈছে স্বামী বিবেকানন্দ। ঊনবিংশ শতিকাৰ উত্তৰাৰ্ধত ভাৰতত যি নৱজাগৰণৰ সূচনা হৈছিল সেই নৱজাগৰণৰ প্ৰতিটো ক্ষেত্রকেই স্বামীজীয়ে ব্যাপকভাৱেপ্রভাৱিত কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক,ৰাজনৈতিক,শিক্ষাজগত, নৈতিকতা আদি সকলো ক্ষেত্রতেই তেওঁ এক গভীৰ চাপ এৰি থৈ গৈছে। স্বামী বিবেকানন্দৰজীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায়সমূহৰ অন্যতম হৈছে ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ ছিকাগোত অনুষ্ঠিত বিশ্ব ধর্ম মহাসভাত অংশ লৈ তেওঁ প্ৰদান কৰা বক্তৃতা। ধৰ্ম মহাসভাত প্রথম ভাষণতেই তেওঁ সমৱেত শ্রোতামণ্ডলী আৰু আমেৰিকাবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ধর্ম মহাসভাত তেওঁ ছয়লানি বক্তৃতা দিছিল আৰু তাৰ সংলগ্ন বিজ্ঞান শাখাত চাৰিলানি বক্তৃতা দিছিল। স্বামী বিবেকানন্দই এই ধর্ম মহাসভাত ভাৰতৰ বৈদান্তিক দৰ্শনৰ বিজয় পতাকা গোটেই বিশ্বত উৰুৱাই ভাৰতৰ সনাতন দৰ্শনৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছিল। স্বামী বিবেকানন্দ বাণীসমূহ অনন্ত কাললৈ প্ৰাসংগিক বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে মানুহক মাৰ্গ দৰ্শন দেখুৱাই গৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰসমাজখনক ব্যক্তিবাদী চিন্তাই গ্ৰাস কৰিছে। এই কথা মানুহে চিন্তা নকৰে যে জন্ম লাভ কৰা প্ৰতিগৰাকীব্যক্তিয়ে মৃত্যুৰ সন্মুখীন হ’বই লাগিব। জন্ম আৰু মৃত্যুৰ সময়ছোৱাত কি কৰা উচিত তেনে বিষয়সমূহেআমাৰ চিন্তাক প্ৰভাৱিত কৰিব লাগিব। জীয়াই থকাৰ সময়ছোৱাত সমাজখনত স্বাক্ষৰ বহন কৰি গ’লে মৃত্যুৰ পিছতো জীয়াই থকা সম্ভৱ বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে স্বামী বিবেকানন্দৰ চিন্তা-দৰ্শনেৰে অনুপ্ৰাণিত হৈ উঠি অহা প্ৰজন্মই আমাৰগৌৰৱময় অতীত জ্ঞানেৰে ভৱিষ্যৎ ভাৰতবৰ্ষ নিৰ্মাণ কৰিব লাগিব । আনন্দালয়ৰ আদৰ্শই স্বামী বিবেকানন্দৰআদর্শ প্রতিফলিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই এনে এখনসমাজ নিৰ্মাণৰ পোষকতা কৰিছিল য’ত আধ্যাত্মিক চিন্তাৰ লগতে বিজ্ঞান আৰু আধুনিক চিন্তাৰ সমাহাৰেৰেএখন সমৃদ্ধ সমাজ গঢ়ি তুলিব পৰা যায়। আজি ভাৰতবৰ্ষ গৌৰৱান্বিত বুলি মন্তব্য কৰি তেওঁ কয় যেভাৰতবৰ্ষই যুগে যুগে মহান পুৰুষসকলৰ সৃষ্টি কৰিছে। কোনোবা যুগত যদি চাণক্য, কোনোবা যুগতভাৰতবৰ্ষৰ দাৰ্শনিক আন্দোলনৰ নেতৃত্ব লৈছিল চৈতন্যই। আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ বীজ অংকুৰিত কৰিছিল। যিসময়ত ভাৰতবৰ্ষ গ্লানি আৰু পৰাধীনতাৰ মাজত আছিল, সেইসময়তে আমাৰ মাজত নতুন আত্মবিশ্বাসৰ ৰণদুন্দুভি সৃষ্টি কৰিবলৈ স্বামী বিবেকানন্দৰ জন্ম হৈছিল। তেওঁলগতে কয় যে পৰাধীনতাৰ গ্লানিৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ মহা মানৱ মহাত্মা গান্ধীৰ দৰে নেতাৰজন্ম হৈছিল এই ভাৰতবৰ্ষত। এই ভাৰতবৰ্ষকে অমৃত কাললৈ লৈ যোৱাৰ বাবে আৰু এখন বিকশিতৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জয়যাত্ৰা আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ ইতিহাসযেতিয়া গ্লানিৰে ভৰি পৰে, যেতিয়া তমসাৰ আন্ধাৰে আগুৰি ধৰে, সমাজত অন্যায় অবিচাৰে যেতিয়া মূৰদাঙি উঠে সেই সময়ত সমাজত পোহৰ দেখুৱাবলৈ একো একোজন মহাপুৰুষৰ জন্ম হয়। স্বামী বিবেকানন্দইএৰি থৈ যোৱা জ্ঞানেৰে আমি সমৃদ্ধ হৈ ভাৰতক বিশ্বগুৰুত পৰিণত কৰাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব বুলিতেওঁ মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত শক্তি আদি বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলী, মুখ্যমন্ত্ৰীৰ সহধর্মিনী ৰিণিকি ভূঞা শৰ্মা, বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সম্পাদক বি ভানুদাস, বিবেকানন্দ কেন্দ্র অসম প্ৰান্তৰ প্ৰান্তঃসঞ্চালক বিভাস চন্দ্ৰ দাস পুৰকায়স্থ,বিবেকানন্দ কেন্দ্র আনন্দালয় ভৱন নিৰ্মাণ সমিতিৰ সভানেত্ৰী ড° কুঞ্জলতা দেউৰী, সচিব নলীন গোস্বামী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ প্ৰমূখ্যে গণ্য- মান্য ব্যক্তিসকল উপস্থিত থাকে।