বিবাহ : জীৱনৰ অনুপম উৎসৱ
প্ৰভাত বণিয়া
উদুলি মুদুলি বিয়াৰ ৰভাতলি।এক আনন্দমুখৰ পৰিৱেশ। বেণ্ডপাৰ্তিয়ে বজাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুমধুৰ গীতৰ সুৰ আৰু দুই এটা হিন্দী চিনেমাৰ গান।বিয়া খাবলৈ আহিছে নিমন্ত্ৰিত ভদ্ৰলোক, ভদ্ৰ মহিলা, লৰা-ছোৱালী, আই মাতৃ সকলো।দৰাৰ মাক, ভায়েক, ভনীয়েক বৰ ব্যস্ত।ভালকৈ মাত এষাৰ দিবলৈ যেন তেওঁলোকৰ সময় নাই।”অ’ আহিছে, ভাল লাগিল। বাইদেউ নাহিল হবলা।” বছ, ইমানে।বিয়া ঘৰ ডেকা ল’ৰা, গাভৰু ছোৱালীৰে খদমদম।গাভৰু বিলাকে সাজি কাঁচি দীপ্ লিপ্ হৈ আহিছে।বিয়া ঘৰ নহয় যেনিবা সৌন্দৰ্য প্ৰতিযোগীতাহে।বিয়া গীতক অসমীয়া বিবাহৰ অন্যতম বৈশিষ্ট বুলি কোৱা হয়।দৰাক ৰামচন্দ্ৰ,কইনাক সীতা আৰু মাকক দৈৱকীৰ লগত তুলনা কৰি নামতি সকলে অসংখ্য বিয়া গীত গাই বিয়া ঘৰ মুখৰিত কৰি তোলাৰ দৃশ্য বৰ অপূৰ্ব।অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ বিয়া গীত আজিকালি বিয়া ঘৰত কি গাওঁ কি চহৰ কাচিৎহে শুনিবলৈ পোৱা যায়।
নিমন্ত্ৰিত অতিথি সকল আহিয়ে আছে।গৃহস্থৰ দ্বাৰা চাহ, জলপান আৰু সুস্বাদু খাদ্যৰে আপ্যায়িত কৰা হৈছে অভ্যাগত সকলক। অপূৰ্ব খাদ্য সম্ভাৰৰ তালিকাত আছে ভাত , মাছ,খাহি ছাগলীৰ মাংস, লোকেল মূৰ্গী, বইলাৰ কুকুৰাৰ মাংস, দৈ, পনিৰ, মিঠাই, ৰসগোল্লা আদি ।অভ্যাগত সকল সুন্দৰ ভাৱে আপ্যায়িত হোৱাৰ পিছত দৰাক উপহাৰ প্ৰদান কৰি চামে চামে বিয়া ঘৰ এৰিছে। বিয়া খাবলৈ অহা আলহিৰ বাইক, মটৰ চাইকেল, বিলাসী চাৰিচকীয়া বাহনেৰে বিয়া ঘৰৰ আলি পদূলি কাহ খাই পৰিছে। এয়া এখন বৰ উৎসৱ মুখৰ বহু চৰ্চিত আজিকালিৰ তথাকথিত বিয়াৰ চিত্ৰ।
আগৰ দিনৰ বিয়া আৰু বৰ্তমানৰ বিয়াৰ আয়োজন আৰু অভ্যৰ্থনাৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখা যায়।তাহানিৰ বিয়া ঘৰৰ ৰাভা,সন্মুখৰ গেটৰ লগতে বিয়াৰ অন্যান্য সামগ্ৰী সমূহৰ ব্যৱহাৰ অতি সাধাৰণ,মাৰ্জিত ৰুচি সম্পন্ন আছিল। বিয়া এখনৰ যাবতীয় খৰচৰ ক্ষেত্ৰত সেই সময়তকৈ আজিৰ দিনৰ বিয়া এখনৰ খৰচ অত্যাধিক।সময়ৰ লগে লগে মানুহৰ ৰুচি অভিৰুচিৰো পৰিবৰ্তন ঘটিছে।
ৰাভা,পেণ্ডেল, গেট,চকী,মেজ,দিচ,কাপ্ প্লেট,পানীৰ বটল,তামোল,পান,চিৰা, দৈ,মিঠাই আদি নানা খাদ্য সামগ্ৰী,কাপোৰ, দৰা-কইনাৰ সাজ সজ্জাৰ বাবে পাট মুগাৰ কাপোৰ,সোণৰ আঙুঠি, বিভিন্ন ডিজাইনৰ সোণৰ আ অলংকাৰ, প্ৰসাধন তথা বিয়াৰ অন্যান্য দৰকাৰী সামগ্ৰী,শ্ৰাদ্ধৰ খৰচ,ব্ৰাহ্মনৰ দান-দক্ষিনা,উপকৰণৰ বাবে ফল মূল , কুঁহিয়াৰ,ঘিউ,ফুল তুলসী,মান্যানুসাৰে দৰা ঘৰ আৰু কইনা ঘৰৰ মানুহক মান ধৰা কাপোৰৰ বাদেও ৰান্ধনী-বিলনি,বেণ্ড পাৰ্টি, ডিজে চেট আৰু কেমেৰাৰ বাবদ দিবলগীয়া খৰচ ভিতৰ কৰি মুঠতে এক বৃহৎ অংকৰ বাজেট।দৰ ঘৰ আৰু কইনা ঘৰ ধনবান আৰু উৎসাহী হলে বিয়াৰ বাজেট আৰু অধিক বৃদ্ধি পায়।
দায়িত্ববান পিতৃ মাতৃয়ে নিজৰ পুত্ৰ-কন্যাক উপযুক্ত পাত্ৰ-পাত্ৰী চাই সঠিক সময়ত বিয়া পাতি দি সংসাৰ ধৰ্ম পালন কৰি পৰম সুখ আৰু আনন্দ লাভ কৰে।
বিবাহ এক সামাজিক পৰম্পৰা।ধনী দুখীয়া সকলোৱে সামৰ্থ আৰু সাধ্যানুসাৰে বিবাহৰ আয়োজন কৰে। সামাজিক শৃংখলা আৰু সুন্দৰ পৰিশীলিত সমাজ গঠনত বিবাহৰ প্ৰয়োজন অনিস্বীকাৰ্য্য।ডেকা গাভৰুৱে সুন্দৰ বৈবাহিক জীৱন আৰম্ভ কৰা, ভবিষ্যতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলোৱা বিবাহ হ’ল পৱিত্ৰ সামাজিক স্বীকৃতি।
বিশ্বৰ সকলো দেশতে জাতি ধৰ্ম সম্প্ৰদায়ৰ মাজত নিজস্ব ৰীতি নীতি অনুসৰি অতীজৰে পৰা বিবাহৰ প্ৰচলন আছে। বিবাহ প্ৰথা সামাজিক বান্ধোন হিচাবে সকলো জাতি জনগোষ্ঠীৰ মাজত আজিও স্বীকৃত। সেয়েহে বিবাহৰ গুৰুত্ব আৰু মৰ্য্যদা সমাজত এতিয়াও অটুত আছে।
