বিবাহ – গকুল চৌধুৰী 

Pc Manyavar
অণুগল্প 

বিবাহ

গকুল চৌধুৰী 
 হাকামা,ধুবুৰী

বৰ্ণাক চাবলৈ আহি বৰ্ণাৰ লগত বৰ্ণাহতৰ গাঁৱখন ফুৰিবলৈ যোৱা নিয়ৰে কথাপ্ৰসংগত বৰ্ণাক সুধিলে

বৰ্ণা তোমাৰ দৃষ্টিত বিবাহ মানে কি ?

বৰ্ণাই কলে – সমাজে সৃষ্টি কৰা নিয়ম ৷ দুখন ঘৰে মিলি কৰা আয়োজন ৷ মনৰ অনিচ্ছাসত্ত্বেও মানুহে সম্পাদন কৰি দিয়া এখন অলিখিত চুক্তি ৷ আপোনজনৰ বাবে কৰা ত্যাগ ৷ বিধাতাই ভাগ্যত লিখা দুৰ্ভাগ্যৰ  কাহিনী ইত্যাদি ইত্যাদি ৷ প্ৰেমিকাৰ হাতত হাত ধৰি কোনোবাই চুলেও সহিব নোৱাৰা প্ৰেমিকজনে  প্ৰেমিকাজনীক এদিন নিজৰ চকুৰ সন্মুখতে আনৰ হৈ যোৱাটো সহিবলগীয়া হয় ৷ প্ৰেমিকৰ মুখত আন ছোৱালীৰ নাম শুনিলে খং কৰা প্ৰেমিকাজনীয়ে প্ৰেমিকজনৰ সন্মুখতে অন্য এজন অচিনাকি ল’ৰাৰ হাতেৰে শিৰত সেন্দূৰ ল’বলগীয়া হয় ৷ সমাজে বিয়ানাম গায় ৷ দুজনৰ বাহিৰেআন সকলো সুখী হয় ।  নিয়ৰৰ প্ৰশ্নৰ উত্তৰ দি চকুৰে বৈ অহা চকুপানী মচি আগলৈ খোজ ল’লে বৰ্ণাই ৷