বিপ্লৱ আৰু বিপ্লৱী, সহনশীলতাৰ সীমা আৰু সামাজিক পৰিণতি – শৈলেন কুমাৰ

Pc Psylancer

বিপ্লৱ আৰু বিপ্লৱী, সহনশীলতাৰ সীমা আৰু সামাজিক পৰিণতি

শৈলেন কুমাৰ,  মিৰ্জা

মানুহৰ সহনশীলতাৰ এক নিৰ্দিষ্ট সীমা থাকে। যেতিয়া কোনো সমাজত অৱহেলা, শোষণ আৰু নিৰ্যাতনৰ মাত্ৰাই সেই সীমা অতিক্ৰম কৰে, তেতিয়াই জন্ম হয় একো একোজন বিপ্লৱীৰ। বিপ্লৱ কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ই হ’ল বহু বছৰ ধৰি পুঞ্জীভূত হৈ থকা ক্ষোভ আৰু যন্ত্ৰণাৰ এক বহিঃপ্ৰকাশ। সমাজৰ বৈষম্যই যেতিয়া ব্যক্তিৰ অস্তিত্বক বিপন্ন কৰে, তেতিয়া সেই ব্যক্তিগৰাকীয়ে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য হয়।

বিপ্লৱী এজন সমাজৰ বাবে আশীৰ্বাদ নে অভিশাপ, সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে ব্যক্তিজনৰ মানসিকতা আৰু তেওঁৰ লক্ষ্যৰ ওপৰত। যদি বিপ্লৱৰ উদ্দেশ্য হয় সমাজৰ পৰা অন্যায় দূৰ কৰি এক সুস্থ পৰিবেশ গঢ়ি তোলা, তেন্তে সেই বিপ্লৱীজন সমাজৰ এজন প্ৰকৃত ‘হিতৈষী’। তেওঁ নিজৰ স্বাৰ্থ ত্যাগ কৰি বৃহৎ সমাজৰ কল্যানৰ বাবে যুঁজ দিয়ে। মহাত্মা গান্ধী, নেলচন মেণ্ডেলা বা আমাৰ দেশৰ ভগত সিঙৰ দৰে ব্যক্তিৰ বিপ্লৱী সত্তাই সমাজক নতুন পথৰ সন্ধান দিছিল।

আনহাতে, যদিহে শোষণৰ প্ৰতিশোধ ল’বলৈ গৈ কোনো ব্যক্তিৰ মানসিকতাত সমাজবিৰোধী চিন্তাৰ জন্ম হয় আৰু তেওঁ ধ্বংসাত্মক পথ বাচি লয়, তেন্তে তেনে বিপ্লৱ সমাজৰ বাবে ক্ষতিকাৰক হৈ পৰে। গতিকে বিপ্লৱৰ সফলতা বা সৰ্থকতা নিৰ্ভৰ কৰে ইয়াৰ আঁৰত থকা আদৰ্শৰ ওপৰত।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে যিসকল লোকে স্থিতাবস্থা ভংগ কৰি নতুনত্বৰ সূচনা কৰিছে, বুৰঞ্জীয়ে কেৱল তেওঁলোকৰ নামেই সোণালী আখৰেৰে লিপিবদ্ধ কৰিছে। যিসকলে সমাজৰ জৰাজীৰ্ণ ব্যৱস্থাটোক প্ৰত্যাহ্বান জনাই মানৱতাৰ হকে কাম কৰি গৈছে, সেই বিপ্লৱীসকল আজিও আমাৰ বাবে প্ৰেৰণাৰ উৎস। চমু কথাত ক’বলৈ গ’লে, অৱহেলাই এজন ব্যক্তিক বিপ্লৱী কৰি তুলিব পাৰে, কিন্তু সেই বিপ্লৱীজনক মহৎ কৰি তোলে কেৱল তেওঁৰ সমাজমুখী মানসিকতাহে।