বিপিএফ-ইউপিপিএল একেলগে থাকিব নোৱাৰে, আমি সময়ত সিদ্ধান্ত ল’মঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিপিএফৰ জয় মানে এনডিএৰ জয় বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে বিটিচিত পুনৰ চৰকাৰ গঠনৰ প্ৰস্তুতি চলোৱা হাগ্রামা মহিলাৰীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সন্মুখত এক গুৰুত্বপূৰ্ণ চৰ্ত দাঙি ধৰে। হাগ্রামা মহিলাৰীয়ে স্পষ্টকৈ কয় যে ৰাজনৈতিক শত্রু ইউপিপিএলক আঁতৰালে বিপিএফ এনডিএত চামিল হ’ব। হাগ্রামা মহিলাৰীৰ এনে মন্তব্যৰ পাছতে চলা ৰাজনৈতিক চৰ্চাৰ মাজতে এনডিএ মিত্রজোট সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাৰ স্পষ্ট মন্তব্য- বিটিচিত বিজেপি, বিপিএফ আৰু ইউপিপিএলৰ যিকোনো দুটা দলহে থাকিব চৰকাৰত। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়- ইউপিপিএল আৰু বিপিএফ এনেয়েও একেলগে থাকিব নোৱাৰে। গতিকে সময়ত আমি যি সিদ্ধান্ত ল’ব লাগে, সেয়া ল’ম। বিপিএফ, ইউপিপিএল আৰু বিজেপি একেলগে তিনিওটা দল চৰকাৰত থাকিব নোৱাৰে। দুটা দলহে চৰকাৰত থাকিব। সেয়েহে বিষয়টোক লৈ যি সিদ্ধান্ত ল’ব লাগে সেয়া আমি লৈ গৈ থাকিম। মন কৰিবলগীয়া যে বিটিচি নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰিছিল যে বিজেপি যদি ক্ষমতালৈ আহে, তেন্তে বিপিএফ আৰু ইউপিপিএলক লগত লৈ চৰকাৰ গঠন কৰিব। আনহাতে নির্বাচনী ফলাফল ঘোষণাৰ পাছত হাগ্রামা মহিলাৰীয়ে মন্তব্য কৰিছিল যে চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি বা আন কোন কোন ৰাজনৈতিক দল চৰকাৰত চামিল হ’ব সেয়া নির্ধাৰিত হ’ব মিত্ৰজোঁট গঠনৰ ওপৰত। বিটিচি চৰকাৰ গঠনৰ পাছত পুনৰ বিষয়টো সন্দৰ্ভত হাগ্রামা মহিলাৰীয়ে কয়- বিজেপিক লৈ আমি চৰকাৰ গঠন কৰোঁ নে নকৰোঁ সেয়া পৰৱৰ্তী সিদ্ধান্ত হ’ব। কিন্তু তাৰ পূৰ্বেই এনডিএত বিপিএফ থাকিবলৈ হ’লে ইউপিপিএলক বাদ দিব লাগিব। চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি আমাৰ লগত থাকিব পাৰে বা আমি অকলেও চৰকাৰ গঠন কৰিব পাৰোঁ। এয়া হৈছে দ্বিতীয় পর্যায়। কিন্তু প্রথম পর্যায় হৈছে- এনডিএত ইউপিপিএল থাকিব নে বিপিএফ থাকিব। হাগ্রামা মহিলাৰীৰ এনে বক্তব্যৰ পাছতে বিশ্বনাথত মুখ্যমন্ত্রী ড° শর্মাই কয়- বিপিএফ আৰু ইউপিপিএল সকলো আমাৰ লগতে আছে। লাহে লাহে সকলো সমাধান হৈ গৈ থাকিব। এইক্ষেত্রত সময়ত যি সিদ্ধান্ত ল’ব লাগে সেয়া আমি ল’ম। ইফালে বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিটিচিত ইউপিপিএল বিৰোধী আসনত বহাৰ বিপৰীতে বিজেপিয়ে হয়তো বিপিএফৰ সৈতে চৰকাৰৰ অংশীদাৰী হ’ব পাৰে। এইক্ষেত্ৰত মুখ্যমন্ত্রী আৰু হাগ্ৰামা মহিলাৰীৰ মাজত অচিৰেই আলোচনা অনুষ্ঠিত হ’ব। ইফালে আজি কোকৰাঝাৰত হাগ্রামা মহিলাৰীয়ে বিটিচিপ্রধান ৰূপে শপতগ্ৰহণ কৰিব। হাগ্ৰামা মহিলাৰীৰ সৈতে ৯গৰাকী পাৰিষদে শপত ল’ব। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, মুখ্য সচিব ৰবি কোটাৰ লগতে প্রশাসনিক শীর্ষ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই নির্বাচিত সদস্যসকলক গোপনীয়তাৰ শপতবাক্য পাঠ কৰাব।
