বিপিএফৰ পৰা পদত্যাগ কৰিলে উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে

বিপিএফৰ পৰা পদত্যাগ কৰিলে উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ দলত মোক্ষম আঘাত হানিলে দলৰ উপ সভাপতি খাম্ফা বৰগয়াৰীয়ে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পৰা পদত্যাগ কৰিলে উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে। পৰিষদীয় নির্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীৰ পদত্যাগ বিপিএফৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে। আনুষ্ঠানিকভাৱে খাম্পা বৰগয়াৰীয়ে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে। নিজ পদত্যাগ-পত্ৰত খাম্পা বৰগয়াৰীয়ে বিপিএফৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা সদৰী কৰিছে। তদুপৰি বিপিএফৰ উপ-সভাপতি আৰু মুখপাত্র হিচাপে বিগত ২০টা বছৰে ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে দলৰ সকলো নেতা-কর্মী-শুভাকাংক্ষীলৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি হাগ্ৰামা মহিলাৰীৰ সক্ষম নেতৃত্বত বিপিএফ দলে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি আশা প্রকাশ কৰিছে খাম্পা বৰগয়াৰীয়ে। উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী হিচাপে নির্বাচন খেলি পৰাজিত হোৱাৰ পিছৰে পৰা খাম্পা বৰগয়াৰীয়ে দল সলনি কৰিব পাৰে বুলি চৰ্চা হৈছিল। বিগত কেইবামাহ ধৰি অব্যাহত থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিপিএফৰ দলৰ পৰা পদত্যাগ কৰে খাম্পা বৰগয়াৰীয়ে। খাম্পা বৰগয়াৰী বিজেপি বা ইউপিপিএল দলত যোগদান কৰিব বুলি চর্চা চলিছিল আৰু এই সন্দৰ্ভত দুয়োটা দলৰ স’তে আলোচনাও হৈছিল। কিন্তু বিশেষ সূত্রে জানিব পৰা মতে অহা ৭ ফেব্ৰুৱাৰীত খাম্পা বৰগয়াৰীয়ে ইউপিপিএল দলতে যোগদান কৰিব।