( এটি সৰু ঘটনাৰ ওপৰত আধাৰিত)
বিপদৰ বন্ধু হে আচল বন্ধু
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
মানুহে জীৱনত সুখৰ দিনত অসংখ্য মানুহেৰে ঘেৰাই থাকে। তেতিয়া সকলোৰে মুখত মিঠা কথা, সঙ্গীত, হাঁহি-ধেমালী— যেন সকলো আপোন। কিন্তু সময় সদায় একেই থাকে নে? জীৱনত বিপদ আহিলে, কঠিন সময় আহিলে, সেই “আপোন” বুলি ধৰা মানুহবোৰৰ মাজৰ পৰা কেইজন মানে মাত্ৰ থাকে। সেই কেইজনেই হে আচল বন্ধু।
বিপদৰ সময়ত যিজন মানুহে আপোনাৰ হাত ধৰে, আপোনাৰ কাষত থাকে, আপোনাৰ দুখ ভাগ লৈ আপোনাক সাহস দিয়ে — সেইজনেই সথিকতে বন্ধু। তেওঁ আপোনাৰ পৰা লাভৰ আশা নকৰে, আপোনাৰ সৈতে সময় কাটাবলৈ ভয় নকৰে, আৰু আপোনাৰ বিপদক নিজৰ বুলি মানে।
এই কথাই আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে — বন্ধুত্ব মানে কেৱল আনন্দৰ সঙ্গী নহয়, দুখৰো সাৰথী। মানুহৰ সথিক পৰিচয় সুখত নহয়, দুখত প্ৰকাশ পায়। সেয়ে, জীৱনত বিপদৰ সময়ত যিজন আপোনাৰ কাষত থাকে, তেওঁৰ মূল্য সঁচাকৈয়ে অমূল্য। তেওঁহে আপোনাৰ জীৱনৰ আচল ৰত্ন।