বিনীতা দেৱীৰ অধীনত পলক কৈৰীলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ লোক কলা পুতলা নাচ প্ৰায় নিঃচিহ্ণ হৈ যোৱাৰ ক্ষণত।অসমৰ বাবে অতি সুখবৰ যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ পৰা পলক কৈৰীলৈ পুতলা নাচৰ বাবে ২০২৩-২০২৪ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে । পলক কৈৰীয়ে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত তথা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । পলক কৈৰী কেন্দ্ৰীয় বিদ্যালয়, আজাৰাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে। শিশু শিল্পী পলক কৈৰীয়ে বহু কেইখন পুতলা নাটৰ ছুটি ছবি সমূহত পুতলা সঞ্চালন কৰিছে। লগতে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাটত সঞ্চালন আৰু অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে । পলক কৈৰীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক অকাডেমী, ভূপালৰ জনজাতীয় সংগ্ৰহালয় আদিত পুতলা নাচ পৰিবেশন কৰি সমাদৰ লাভ কৰিছে। পলক কৈৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ হৃষিৰাজ কৈৰী আৰু সৰস্বতী কৈৰীৰ নুমলীয়া কন্যা ।