বিনিদ্ৰ ৰজনী
ৰীমা গায়ন বৰা
হিংস্ৰতাবোৰে চৌপাশে আৱৰি আছিল
বিনিদ্ৰ ৰজনী গভীৰ অন্ধকাৰ
ৰাজ আলিত এজাক শিঁয়াল
আতংকত ঘৰৰ ভিতৰত কম্পমান !
এটি উলংগ অবিশ্বাসী ছাঁয়া
চকুৰ আগত এখন ক’লা আকাশ
মানুহবোৰ বিকল যন্ত্ৰ হৈ পৰি আছিল ।
হেৰাল মুখৰ মাত , চকুৰ টোপনি ,
বিশ্বাস , প্ৰতিশ্ৰুতি , মায়া , মমতা
থাকিল সংশয় , বিশ্বাসঘাটকতা,
প্ৰলোভন , অবৰ্ণনীয় ঘাত-প্ৰতিঘাত !
অজ্ঞাতভাৱে এক যাত্ৰা আৰম্ভ হৈছিল
হেৰুৱা হাঁহি , সপোনবোৰে পাখি মেলি
দূৰ দিগন্তলৈ উৰা মাৰি
শান্তিৰ সৌধ গঢ়িছিল ।
