বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কণাদ পুৰকায়স্থ
ৰঙিলী বাৰ্ত্তাসেৱা- বিনা প্রতিদ্বন্দ্বিতাৰে অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ী হ’ল এনডিএ প্রার্থী। উল্লেখ্য যে অসমৰ ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বিপৰীতে বিজেপিৰ কণাদ পুৰকায়স্থ আৰু অগপৰ বীৰেন্দ্ৰ প্রসাদ বৈশ্যই মনোনয়ন দাখিল কৰিছিল। আসন দুখনত বিৰোধীয়ে কোনো প্রার্থী প্রক্ষেপ নকৰাত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন উকলি যোৱাৰ পিছত দুয়োগৰাকী প্রার্থীকে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হোৱা বুলি ৰাজ্যসভাৰ নির্বাচনী বিষয়াই ঘোষণা কৰিলে । অসম বিধানসভা প্ৰাংগণত থকা ৰাজ্যসভা নির্বাচন পৰিচালনা কাৰ্যালয়ৰ পৰা দুয়োগৰাকী প্রার্থীয়ে আনুষ্ঠানিকভাৱে জয়ৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে। উল্লেখ্য যে অহা ১৪ জুনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল উকলি যাব। এই দুয়োখন আসনৰ বাবে অহা ১৯ জুনত নিৰ্বাচনৰ দিন স্থিৰ কৰা হৈছিল যদিও দুয়োখন আসনৰ বাবে বিজেপি আৰু অগপই এজনকৈ প্রার্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধীয়ে এজনো প্রার্থী প্রক্ষেপ নকৰিলে। যাৰ বাবে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কণাদ পুৰকায়স্থ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হয়।