বিনাপ্রতিদ্বন্দ্বিতাৰে ৩২৫ আসন লাভ কৰিছে এনডিএ মিত্ৰজোঁটে
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নির্বাচনৰ পূর্বেই কার্যতঃ আত্মসমর্পণ কৰিলে বিৰোধীয়ে।ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাৰ ৩৪৮খন আসনত নহয় কোনো প্ৰতিদ্বন্দ্বিতা । ইয়াৰে ৩২৫ খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে । উল্লেখ্য যে সমাগত পঞ্চায়ত নির্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোত কেইবাখনো জিলাত কংগ্রেছ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ পাছত এনডিএই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩২৫খন আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হ’বলৈ সক্ষম হ’ল। জিলা পৰিষদত ৩৫খনত বিজেপিয়ে আৰু দুখনত অগপই বিনাপ্রতিদ্বন্দ্বিতাই জয় হোৱাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তত বিজেপিয়ে ২৫৯খন আসনত আৰু অগপই ২৯খন আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হ’বলৈ সক্ষম হয়। অৱশ্যে আঞ্চলিক পঞ্চায়তত এআইউডিএফে এখন আসনত, নির্দলীয়ই ১৩খন আসনত আৰু কংগ্ৰেছে ৯খন আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কিন্তু জিলা পৰিষদত কংগ্ৰেছ, এআইইউডিএফ অথবা নির্দলীয়ই এখনো আসন বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই। লক্ষণীয়ভাৱে নদুৱাৰ সমষ্টিত জিলা পৰিষদৰ সদস্যৰ আসন আৰু আঞ্চলিক পঞ্চায়তৰ সকলো সদস্যৰ আসন বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপিয়ে জয়লাভ কৰিলে। বিৰোধীক একপ্ৰকাৰ ধৰাশায়ী কৰি এনেদৰে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনত জয়লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে শাসকীয় দলটো। আনহাতে এনে জয়লাভৰ পিছতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এয়া এক অভূতপূর্ব জনাদেশ বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে লিখিছে এয়া অসমৰ ৰাজনৈতিক ইতিহাসত এক বৃহৎ আৰু অভূতপূর্ব জনাদেশ। এই জনাদেশেই ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (এনডিএ) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমৰ জনসাধাৰণৰ অপৰিসীম বিশ্বাস আৰু মৰমক প্রতিফলন কৰে। আমি নিশ্চিত যে চূড়ান্ত নিৰ্বাচনৰ ফলাফলৰ সংখ্যা আৰু অধিক আকর্ষণীয় হ’ব। এনডিএই অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ৰ নতুন জোৱাৰ আনিবলৈ সাজু হৈছে।