বিধৱাৰ সত্তাই কৈ আছোঁ
মই এক বিধৱাৰ সত্তাই কৈ আছোঁ,
হাঁহিলেও যাৰ সমালোচনা হয়, দুখী হেনো নালাগে,
কান্দিলে যাক ঠাট্টা কৰে দুৰ্বল ভাবি ।
হয়, মই এক নিৰ্যাতিত বিধৱাই কৈ আছোঁ।
নিয়তিয়ে মোক বিধৱা বনাইছে
আৰু সমাজে মোক লাঞ্ছিত-বঞ্চিত কৰিছে….
কিনো লিখা আছিল মোৰ কপালত!
কান্দিবলগা কিয় হয় নিজানত!
তাহানিতে কিতাপ-পত্ৰই পঢ়া,
চিনেমাত চোৱা সেই বিধৱাক কৰা আচৰণত
বুকু কঁপিছিল,
কিন্তু আজি নিজৰ বিৱৰণৰ প্ৰতিদিনেই
পৃষ্ঠা জুৰি জুৰি শেষ হৈছে কিমান অসংখ্য কিতাপ!
নিৰ্যাতনেৰে পাৰ হয় যাৰ এটি এটি দিন।
ওচৰেৰে গ’লে কেৰাহিকৈ চায়,
আঁতৰিলেই আকৌ সমালোচনাৰ সৃষ্টি হয়।
সমাজৰ ভয়ত নীলা পৃথিৱীখনৰ
সৌন্দর্যবোৰো চোৱাৰ পৰা বিৰত থাকোঁ।
ৰাতিৰ প্ৰহৰটো শেষ হোৱাৰ লগে লগে
বুকুত বিন্ধিব ধৰে;
কাৰণ দিনৰ পোহৰত যে
কিমান অস্পষ্ট মুখা লুকাই থাকে
সমালোচনা কৰিবলৈ!
কোনোবাই ধেমালিৰ ছলেৰে অপমান কৰে,
কোনোবাজনে আকৌ অসহায় জ্ঞান কৰে
আৰু কোনোবাই লোলুপ দৃষ্টিৰে চায়।
চিৎকাৰত সৰ্ব পৃথিৱী যেন কঁপিব ধৰে!
চিঞৰি চিঞৰি ক’বলৈ মন যায় —
“হয়, মই বিধৱা হ’ব পাৰোঁ,
কিন্তু চৰিত্ৰহীনা নহয়।
হয়, মই বিধৱা হ’ব পাৰোঁ,
কিন্তু মোক অকণ জীয়াই থাকিবলৈ অধিকাৰ লাগে”
মাথো জীয়াই থকাৰ অধিকাৰ….!
ৰিছামনি আকতাৰা (ৰৌজি), মৰিগাঁও