বিধায়ক হেমাংগ ঠাকুৰীয়াই গঠন কৰা আক্ৰাছুৰ সভাপতি – সম্পাদক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী

Pc The Economic Times

বিধায়ক হেমাংগ ঠাকুৰীয়াই গঠন কৰা আক্ৰাছুৰ সভাপতি – সম্পাদক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী

বিধায়কৰ নিজ গাঁও উপৰহালী গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ মাজত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাত

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলাই থকা দেখা গৈছে। ইয়াৰ লগে লগে দলীয় একাংশ প্ৰাৰ্থীৰ মাজত আভ্যন্তৰীণ সংঘাতৰো সৃষ্টি কৰা খবৰ পোৱা গৈছে। কিন্তু লক্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ বিজেপি দলৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ নিজ গাঁৱৰ পঞ্চায়ত উপৰহালী গাঁও পঞ্চায়তৰ নিৰ্বাচনক কেন্দ্ৰ কৰি। উল্লেখ্য যে বিধায়ক হেমাংগ ঠাকুৰীয়াই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী বাচনি কৰা, দলীয় একাধিক প্ৰাৰ্থী একেটা ৱাৰ্ডত অৱতীৰ্ণ হোৱা আদি ঘটনা প্ৰবাহে বিধায়ক গৰাকীৰ নিয়ন্ত্ৰণ নথকা কথা স্পষ্ট ভাৱে প্ৰকট হৈ পৰিছে। আনহাতে বিধায়ক হেমাংগ ঠাকুৰীয়াই পৃষ্ঠপোষকতা কৰি তেওঁৰ সুবিধাৰ বাবে বিগত ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত উপৰহালী চিলাৰায় ভৱনত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি বলোৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত  দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা গঠন কৰিছিল। কিন্তু লক্ষণীয় ভাৱে এই দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছুৰ সভাপতি বিমল দাস বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সমৰ্থনত পঞ্চায়তৰ ৱাৰ্ড সদস্য ৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সম্পাদক ৰন্টু ঠাকুৰীয়াই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে উপৰহালী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে থিয় দিছে। সেইদৰে বিজেপিৰ উপৰহালী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী বেণুধৰ তালুকদাৰ এগৰাকী নতুন প্ৰাৰ্থী যদিও তেওঁ এগৰাকী প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অৱসৰপ্ৰাপ্ত সহকাৰী কাৰ্যবাহী অভিযন্তা। তেওঁ ইতিমধ্যে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি বৰ্তমান অৱস্থাত পঞ্চায়তখনত সকলোতকৈ আগত থকা পৰিলক্ষিত হৈছে। কিন্তু এই আঞ্চলিক সদস্যৰ এগৰাকী প্ৰবল দাবীদাৰ তথা উপৰহালী ৰাইজ গয়ৰহৰ বৰ্তমানৰ সভাপতি অজিত ঠাকুৰীয়াই টিকট বঞ্চিত হৈ ৱাৰ্ডৰ সদস্য ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। উল্লেখ্য যে উপৰহালী ৰাইজ গয়ৰহৰ দৰে এটি সন্মানীয় পদত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ষাঠি উৰ্ধৰ ব্যক্তিয়ে একমাত্ৰ নিজ স্বাৰ্থৰ বাবে সদস্য পদত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে তেওঁক বহুতে ভাল পোৱা নাই। উল্লেখ্য যে বিধায়ক হেমাংগ ঠাকুৰীয়াই হেনো অজিত ঠাকুৰীয়া, ৱাৰ্ড সদস্য বিমল দাস, প্ৰাক্তন আঞ্চলিক সদস্যা তথা বৰ্তমানৰ ৱাৰ্ড সদস্য ৰূপে নিৰ্বাচনত উঠা কবিতা ৰাণী দাস তালুকদাৰ আৰু প্ৰাক্তন পঞ্চায়তখনৰ সভাপতি তথা এই নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা জগদীশ ঠাকুৰীয়াক সভাপতি পাতিব বুলি আশ্বাস দিয়া বাবেহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বুলি প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। অৰ্থাৎ উপৰহালী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা জগদীশ ঠাকুৰীয়াৰ লগতে যদিহে বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী বিমল দাস, কবিতা ৰাণী দাস তালুকদাৰ আৰু অজিত ঠাকুৰীয়া জয়ী হ’লেও সভাপতি কেন্দ্ৰিক সংঘাত তীব্ৰ হৈ উঠাৰ সম্ভাৱনা অধিক। অৱশ্যে আজিৰ তাৰিখত অজিত ঠাকুৰীয়াৰ ৱাৰ্ডৰ এগৰাকী বিজেপিৰে সমৰ্থিত যুৱ কাৰ্যকৰ্তা নৱ কুমাৰ তালুকদাৰৰ গণ ভিত্তি শীৰ্ষত থকাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিকুঞ্জ ঠাকুৰীয়া দ্বিতীয় স্থানত থকা বুলি চৰ্চিত হৈছে। সেইদৰে কবিতা ৰাণী দাস তালুকদাৰৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপিৰ কাৰ্যকৰ্তা গোলক দাসৰ প্ৰতি ৱাৰ্ডৰ প্ৰায় ভাগ লোকৰ আস্থা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে প্ৰাক্তন আঞ্চলিক সদস্যা কবিতা । অৱশ্যে বিজেপিৰ আঞ্চলিক পদৰ প্ৰাৰ্থী বেণুধৰ তালুকদাৰৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰন্টু ঠাকুৰীয়া জনবল তথা অৰ্থবলৰ পৰা কিছু দুৰ্বল হোৱা বাবে তেওঁৰ প্ৰচাৰ অভিযান তুলনামূলকভাৱে সীমিত হৈ আছে। আনহাতে দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছু গঠন কৰা সময়ত ৰন্টু ঠাকুৰীয়াক সম্পাদক হিচাপে নিৰ্বাচিত কৰাত বিধায়ক হেমাংগ ঠাকুৰীয়াই পৃষ্ঠপোষকতা আগবঢ়াইছিল । তৎসত্বেও তেওঁ বিধায়কৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কথাত ভিতৰি ভিতৰি বিধায়ক গৰাকী অসন্তুষ্ট হৈ পৰিছে। সেয়ে ৰন্টু ঠাকুৰীয়াৰ বাবে এই নিৰ্বাচনত জয়ী হোৱাৰ পথ সহজ হৈ থকা নাই। ইয়াৰ বিপৰীতে আঞ্চলিক সদস্য বেণুধৰ তালুকদাৰৰ হৈ প্ৰচাৰ অভিযানত পুৰুষ আৰু মহিলা গোটে সুকীয়া ভাৱে ওলাই অহাতো ইতিবাচক বুলি চৰ্চিত হৈছে। সেয়া হ’লেও বিধায়ক হেমাংগ ঠাকুৰীয়াৰ জন্ম গাঁৱৰ পঞ্চায়তত বিজেপিৰ তৃণমূলত যে সংঘাত বৃদ্ধি পাইছে সেয়া নিশ্চিত হৈ উঠিছে।